নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত পেট্ৰ’ল, ডিজেল আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ‍্যোগত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰ’ল, ডিজেল আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু অসম চৰকাৰে সম্পত্তিৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি কমলাবাৰীত “বিক্ষোভ কাৰ্যসূচী ” ৰূপায়ণ কৰে৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজিল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্যবৃদ্ধিয়ে জনসাধাৰণক জ্বলা-কলা খুৱাইছে৷ ইয়াৰ সমান্তৰালভাৱে সম্পত্তিৰ ওপৰত লগোৱা অত্যাধিক কৰে ৰাইজক বাৰুকৈয়ে হাৰাশাস্তি কৰিছে৷ এই মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ কাৰ্য সূচী ৰূপায়ণ কৰি অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায় শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীত উপস্থিত থাকে আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীৰ লগতে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা সাধাৰণ সম্পাদক বিতোপন শৰ্মা৷

You might also like