মাজুলীত যুৱ-ছাত্ৰ পৰিষদৰ বিনামূলীয়া পাঠদানৰ আয়োজন
নিয়মীয়া বাৰ্তা , ৩ জুলাই : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কমলাবাৰী আঞ্চলিকৰ উদ্যোগত তথা মাজুলী জিলাৰ সহযোগত আজি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী,গণিত আৰু বিজ্ঞান বিষয়ৰ বিনামূলীয়া পাঠদান আৰম্ভ হয়।যুৱ-ছাত্ৰ পৰিষদ এক জাতীয় সংগঠন হিচাপে ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা,ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ অধিক উত্তৰণ আৰু গ্ৰীস্মবন্ধত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ লগত যাতে মন একাত্ম কৰি ৰাখিব পৰা যায় সেই মহান উদ্দশ্যেৰে এই প্ৰয়াস কৰা হয় বুলি আমাক জানিবলৈ দিয়ে ।আজিৰ প্ৰথম দিনৰ কাৰ্যসুচীত মাজুলী মিলন সংঘত আনন্দ্ৰ হাজৰিকাই সঞ্চালনা কৰা আৰু ড° দেৱজ্যিৎ শইকীয়াই উদ্বোধন কৰা উদ্বোধনী সভাখনত বিনামূলীয়া পাঠদানৰ মূল দৃষ্টিভংঙ্গী আগবঢ়াই পৰিষদৰ জিলা উপদেষ্টা ভবেন কাকতিয়ে।সভাত জিলাৰ সভাপতি মুনিন্দ্ৰ ভূঞা,সাধাৰণ সম্পাদক পবিত্ৰ বৰা,কমলাবাৰী আঞ্চলিকৰ সভাপতি/সম্পাদক ক্ৰমে অৰুণ ভূঞা আৰু সীমান্ত বৰা প্ৰমূখ্যে বিষয়-ববীয়াসকল,কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া,যোগেন শইকীয়া,হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অধ্যক্ষ জগতজ্যোতি চাটোলা,সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞা,কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক নীলকমল শইকীয়া,অতুল হাজৰিকা,বিনামূলীয়াকৈ পাঠদান দি সেৱা কৰিবলৈ আগবাঢ়ি অহা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকল ক্ৰমে ডিম্বেশ্বৰ ভূঞা,ভৰত শইকীয়া,কুমুদ বৰা,মদন কলিতা,নাৰায়ণ শৰ্মা,প্ৰাণজ্যিৎ শইকীয়া,পংকজ কলিতা,কুশদ্বীপ হাতীমটা,সুশান্ত বৰা,প্ৰাঞ্জল দত্ত,ৰঞ্জিত দত্ত,প্ৰশান্ত দোলাকাষৰীয়া,পিংকী শইকীয়া,দীপশিখা বৰা,নৃপেন কলিতা উপস্থিত থাকি পৰিষদৰ এনে পদক্ষেপক শলাগ লোৱাৰ উপৰিও আদৰণি জনায়।আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কমলাবাৰী অঞ্চলৰ প্ৰায় ৯ খন বিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা শিৱিৰটোত মাজুলীৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকীতকৈ অধিক শিক্ষাগুৰুৱে পাঠদান আগবঢ়াব।আজিৰ সভাত উপস্থিত সমূহ শিক্ষাগুৰুক তেওলোকৰ এই ত্যাগৰ স্বৃকীতি হিচাপে সংগঠনটোৱে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে একোখনকৈ গামোছাৰে আদৰণি জনোৱা হয়।এনে এটা মহান অনুষ্ঠান আয়োজন কৰিবলৈ পাই নিজকে ধন্য অনুভৱ কৰাৰ লগতে আগন্তক ২০ দিন হ’বলগীয়া শিৱিৰটৌৰ সফল সামৰণি হোৱাত শিক্ষাগুৰু,ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা ৰাইজৰ সহযোগিতা কামনা কৰিছে সংগঠনটোৱে।
( প্ৰাঞ্জল খাউণ্ড )