নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ মুখাশিল্পী দয়াল গোস্বামীলৈ অসম চৰকাৰৰ অসম গৌৰৱ বঁটা  

  • মাজুলীৰ মুখাশিল্পলৈ আন এক বৃহৎ স্বীকৃতি
  • চামগুৰি সত্ৰৰ দয়াল গোস্বামীলৈ অসম গৌৰৱ বঁটা  
নিয়মীয়া বাৰ্তা ,৪,জানুৱাৰী: মাজুলীৰ মুখাশিল্প তথা মুখাভিনয়লৈ যেন আন এক বৃহৎ স্বীকৃতি। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰীয়া তথা অভিনয় শিল্পী দয়াল গোস্বামী (৫৪)-লৈ অসম চৰকাৰৰ এইবৰ্ষৰ অসম গৌৰৱ বঁটা-২০২৩ আগবঢ়াইছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাত মাজুলীৰ নতুন চামগুৰি সত্ৰৰ দয়াল গোস্বামীলৈ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে গোস্বামীক এই বঁটা প্ৰদান কৰিছে। সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংশ মুখা শিল্পৰ জড়িয়তে বিশ্ব দৰবাৰত সমাদৰ লাভ কৰা চামগুৰি সত্ৰৰ দয়াল গোস্বামীলৈ এই বঁটা প্ৰদান কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে সত্ৰ সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজ। ল’ৰালি কালৰে পৰা মুখা শিল্পৰ লগত জড়িত গোস্বামীয়ে নিজে মুখা প্ৰস্তুত কৰাৰ লগতে মুখা অভিনয় কৰি আহিছে। প্ৰয়াত দিনকান্ত গোস্বামীৰ পুত্ৰ দয়াল গোস্বামীয়ে এই সন্মান প্ৰদান কৰাত নিজেও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বঁটা লাভ কৰাৰ পিছতেই ‘দৈনিক জনমভূমি’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গোস্বামীয়ে কয় যে- মোৰ এই বঁটাৰ কৃতিত্ব মই মোৰ গুৰু ড° হেমচন্দ্ৰ গোস্বামীলৈ প্ৰথমেই দিম। সৰুৰে পৰা ভাওনা, নাটকত মই অভিনয় কৰি আহিছোঁ। শেহতীয়াকৈ একেৰাহে পোন্ধৰ বছৰ মুখা শিল্পৰ অভিনয়ৰ দিশত মই জড়িত হৈ আছোঁ। নিজেও মুখা নিৰ্মাণ কৰিছোঁ। মুখাভিনয় যথেষ্ট এক কঠিন অভিনয়। মুখাটো পৰিধান কৰি সহযোগী অভিনয় শিল্পীজনক ভালকৈ দেখা পোৱা নাযায় গতিকে অনুমানত সংলাপ কৈ অনুমানত যি অভিনয় সেইখিনি কৰিবলগীয়া হয়। ২০১৮ চনৰ ২৬ জানুৱাৰী দিল্লীত গনৰাজ্য দিৱসত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলোঁ। তাত মই ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু দেশৰ ২৭ খন ৰাজ্যৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতীকপট হিচাপে সন্মান লাভ কৰিছিলো বুলি তেওঁ উল্লেখ কৰে। গোস্বামীয়ে এই বঁটা লাভৰ কৃতিত্বৰ ভাগ সংবাদ মাধ্যমকো দিয়ে। গোস্বামীৰ এই কৃতিত্বত চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী তথা দয়াল গোস্বামীৰ জ্যেষ্ঠ ভাতৃ ড° হেমচন্দ্ৰ গোস্বামীৰ লগতে চামগুৰি সত্ৰৰ অধিকাৰ বৈষ্ণৱ তথা অঞ্চলটোতে আনন্দৰ বন্যা বৈছে। মাজুলীৰ উপায়ুক্ত পুলক মহন্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া বৰ্গই গোস্বামীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰিছে।
You might also like