নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী–বোকাখাতত অচিন ৰোগত বহু পশুধনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱাত আশ্রয় শিবিৰত থকা কিছুসংখ্যক লোক নিজ নিজ ঘৰলৈ উভতি গৈছে৷ কিন্তু তাৰ মাজতো দুর্ভাগ্যজনকভাৱে বানৰ ফলত শিশু, ছাত্র–ছাত্রীসহ ৮গৰাকী লোকৰ কৰুণ মৃত্যু হয়৷ কলিয়াবৰ, বাগানপাৰা, জনিয়া, ৰহমৰীয়া, মানকাছৰ, বকো আদি অঞ্চলত মাজুলী–বোকাখাতত অচিন ৰোগত বহু
এই লোককেইজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷

ইফালে, সাম্প্রতিক বানত ৰাজ্যখনত ১.১৬ লাখ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্রস্ত হোৱা সময়তে অচিন ৰোগত কেইবাটাও অঞ্চলত বহুসংখ্যক পশুধন মৃত্যুমুখত পৰিছে৷ পশুধনৰ মৃত্যুৰ বাবে মাজুলী, বোকাখাত আদিৰ কৃষক তথা পশুপালকসকলে মূৰে–কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

অসম ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে সদৰী কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ২৬ জিলাৰ ৭৯টা ৰাজহ চক্রৰ ২,৬৭৮খন গাঁও পানীৰ তলত আছে৷ আক্রান্ত হৈছে ২৭.৬৩ লাখ লোক৷ বিভিন্ন জিলাত স্থাপন কৰা ৬৪৯টা শিবিৰত এতিয়াও ৪৭ সহস্রাধিক লোকে আশ্রয় গ্রহণ কৰি আছে৷ আনহাতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত থকা বন বিভাগৰ ৫৯টা শিবিৰ বানত বুৰ গৈছে৷ ইয়াৰ ৬টা শিবিৰ স্থানান্তৰ কৰিবলগীয়া হৈছে৷ ৰাষ্ট্রীয় উদ্যানখনৰ ৯৬টা বন্যপ্রাণী এতিয়ালৈকে মৃত্যুমুখত পৰিছে৷

You might also like