নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত পৰকীয়া প্রেমত বাধা দি প্রাণ গ’ল পত্নীৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পার্শ্বৱর্তী তথা মানকাচৰ থানাৰ অন্তর্গত শ্বেওৰাগুৰি গাঁৱত স্বামীৰ পৰকীয়া প্রেমত বাধা দিয়াৰ বাবে শনিবাৰে নিশা পত্নীক হত্যা কৰি ঘটনাটোক গাপ দিয়াৰ উদ্দেশ্যে পত্নীক চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা চলোৱা ঘটনাই সমগ্র অঞ্চলত তীব্র আলোড়নৰ সৃষ্টি কৰিছে৷

হত্যাৰ বলি হোৱা মহিলাগৰাকী মানকাচৰ থানাৰ কালাপানী আৰক্ষী চকীৰ অন্তর্গত শ্বেওৰাগুৰি গাঁৱৰ জাহেৰ আলীৰ পত্নী মাম্পী খাতুন৷ দুই সন্তানৰ মাতৃ মাম্পী খাতুনৰ স্বামী জাহেৰ আলীয়ে শনিবাৰে নিশা আঢ়ৈমান বজাত পত্নীক হত্যা কৰি উৰণাৰে ঘৰত চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰে৷

ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে মানকাচৰ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মানকাচৰ থানালৈ নিয়ে৷ মৃত মাম্পী খাতুন মানকাচৰ থানাৰ অন্তর্গত জোৰডাংগা গাঁৱৰ মনিৰ জামালৰ কন্যা৷ ৭ বছৰ পূর্বে মাম্পী খাতুনৰ লগত জাহেৰ আলীৰ সামাজিক নীতি–নিয়ম মতে বিবাহ সম্পন্ন হৈছিল৷

আনহাতে, ঘটনা সন্দর্ভত মানকাচৰ আৰক্ষীয়ে সোধা–পোছাৰ বাবে এজন লোকক আটক কৰা বুলি জনা গৈছে৷ মাম্পী খাতুনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিব বুলি জনা গৈছে৷

You might also like