মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰীত সীমান্তৰক্ষীৰ গুলিত নিহত এজন
নিশা মাছ ধৰিবলৈ যোৱা লোকক গুলীয়াই হত্যা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰীত (গুডলী গাওঁ) কাহিলী পুৱা প্ৰায় ৩ বজাত সীমান্তৰক্ষীৰ গুলিত এগৰাকী স্থানীয় লোক নিহত হয়। জানিব পৰা মতে, নিহত লোকজন মানকাচৰ থানাৰ অন্তৰ্গত ছাটকৰাইবাৰী গাওঁৰ আই হোচেইনৰ পুত্ৰ মনিৰুজ্জামান (২৮)বুলি জনিব পৰা গৈছে । সীমান্তৰক্ষীৰ গুলিৰ শব্দ শুনি স্থানীয় লোক আৰু মনিৰুজ্জামানৰ পৰিয়ালৰ লোকে গুলিবিদ্ধ অৱস্থাত যুবক জনক উদ্ধাৰ কৰি গজাৰীকান্দী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়াৰ পথত যুৱকজনৰ মৃত্যু হয়।পিছত পৰিয়ালৰ লোকে মনিৰুজ্জামানৰ মৃতদেহটো পুনৰ ঘৰলৈ উভতি আন। প্ৰাপ্ত অভিযোগ মতে, দূখীয়া তথা মাছ ধৰি জীবিকা নিৰ্বাহ কৰা মনিৰুজ্জামানে কাহিলী পুৱা ঘৰৰ কাষৰ জিঞ্জিৰাম নৈৰ সুঁতিৰ এটাত মাছ ধৰা সাজুলি এটাৰে টৰ্চ লাইট জ্বলাই মাছ ধৰি থাকতে চোৰাং গৰু সৰবৰাহকাৰীৰ সন্দেহত সেই স্থানত পহৰাৰত সীমান্তৰক্ষীয়ে মনিৰুজ্জামানক গুলীয়াই হত্যা কৰে বুলি অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে। ইফালে মানকাচৰ থানাৰ আৰক্ষী, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপ আৰক্ষী অধীক্ষক (বৰ্ডাৰ) ছফৰ আলীৰ নেতৃত্বত যোৱা মানকাচৰ থানাৰ আৰক্ষীৰ দল এটাই দণ্ডাধীশ কোস্তৱ দাসৰ উপস্থিতিত ছাটকৰাইবাৰী গাওঁত উপস্থিত হৈ নিহত মনিৰুজ্জামানৰ ঘৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধূবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ প্ৰকৃত সত্যতা উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সীমান্ততৰক্ষীৰ লগত যোগাযোগ কৰাত সীমান্ত এলেকাত সীমান্ত ৰক্ষী বাহিনীৰ ফালৰ পৰা কোনো ধৰণৰ গুলি চালনাৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিব দিয়ে। অৱশ্যে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰী,গুডলী গাওঁ সীমান্ত দি দীৰ্ঘদিন ধৰি চোৰাং চক্ৰ এটাই বাংলাদেশ লৈ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে। মাজে সময়ে চোৰাং গৰু সৰবৰাহকাৰীক বাধা দিব লৈ সীমান্তৰক্ষী বাহিনীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়। সম্প্ৰতি আজিৰ এই ঘটনাই সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে।
মানকাচৰৰ পৰা ফাৰহাদ আহমেদ