নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা বাল্য ভৱনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উল্লহ মালহেৰে অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ৪ জুনঃ- মাৰ্ঘেৰিটা মহকুমাৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা স্কুল বাল্য ভৱন মাৰ্ঘেৰিটাৰ আজি ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উল্লহ মালহেৰে অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা পতকা উত্তোলন বন্তী প্ৰজ্বলনৰ পাছতেই বিদ্যালয়ৰ সমবেত সংগতৰে প্ৰতিষ্ঠা দিৱস শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা ও বঁ‌টা বিতৰণী সভা। বাল্য ভৱনৰ অধ্যক্ষা জিমকী শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষেশ্বৰ
শৰ্মাই মুকলি সভাৰ পৌৰহিত কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা মাৰ্ঘেৰিটা মহকুমাৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈ লগতে থাকে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী তিলোমাই গগৈ। এই বৰ্ষৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰী হিচাপে বৰষা চমুৱা তথা ইংৰাজী বিষয়ত শ্ৰেষ্ঠ স্থান পোৱা
ঋতুপৰ্ণা গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে এই বৰ্ষৰ বিভিন্ন প্ৰতিযোগীতা স্থান লাভ কৰা সকলক বঁ‌টা সমূহ প্ৰদান কৰা হয়। ১৯৯১ চনত স্থাপিত জ্ঞান বৃক্ষৰ পুলি মাৰ্ঘেৰিটা বাল্য ভৱনৰ ৩১তম প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচী আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। নব্বৈৰ দশকতে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি ঠাইখনৰ বৌদ্ধিক উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। প্ৰতিষ্ঠাপক অধ্যক্ষা প্ৰয়াত কামিনী শৰ্মাৰ সপোনৰ এই বিদ্যালয় খনিয়ে মাৰ্ঘেৰিটাৰ শিক্ষা খণ্ডলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে বুলি নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত উল্লেখ কৰে সাংবাদিক মানস প্ৰতিম গগৈয়ে। তত্ত্ব গধূৰ তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে স্মৃতি গধূৰ এটি সুন্দৰ বক্তব্য দাঙি ধৰে গগৈয়ে। ইয়াৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন অনুষ্ঠান পৰিবেশন কৰা হয়। তিৱা নৃত্য, ৰাভা আৰু জ্যোতি সংগীতত সৃষ্টিশীল নৃত্য, ধ্ৰুপদী নৃত্যৰ ফিউজন, গীত, কেইবাখনো আটক ধুনীয়া নাটক, যোগাসন, অভিনয় ইত্যাদিৰে ছাত্ৰ – ছাত্ৰীসকলে নিজ নিজ প্ৰতিভাৰে শ্ৰোতা – দৰ্শকক আপ্লুত কৰে। কেইবা ঘন্টা জুৰি অনুষ্ঠিত কৰা এই অনুষ্ঠানে ছাত্ৰ – ছাত্ৰীক প্ৰতিভা বিকাশৰ এক অনুপম ক্ষেত্ৰ প্ৰদান কৰিলে বুলি উল্লেখ কৰিছে বিদ্যালয়খনৰ হিন্দী শিক্ষক অমৰজিৎ সেনগুপ্তয়। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত ব্যক্তিগত খণ্ডৰ এই বিদ্যালয় খনে বিশেষকৈ মধ্যবিত্ত তথা আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক অতি কম মূল্যত এক উচ্চ শিক্ষা প্ৰদানেৰে অঞ্চলটোত জ্ঞানৰ পোহৰ বিলাই আহিছে।

প্ৰতিবেদক: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like