নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা মাকুমকিল্লাত বন্য হস্তীৰ আক্ৰমণত প্ৰান গ’ল এজনৰ, বাসগৃহ লণ্ডভণ্ড

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যুৰ ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাত বনৰীয়া হাতিৰ উপদ্ৰপ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। আজি পুৱা মাৰ্ঘেৰিটা মাকুমকিল্লাৰ ভিতৰপাৱৈ গাও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ পথাৰ গাঁৱত বন্য হস্তীৰ আক্ৰমণত প্ৰান গল ৰাধা গগৈ নামৰ এজন ব্যক্তিৰ । পুৱা প্ৰায় ৪ মান বজাত হাবিৰ পৰা উলাই অহা হাতিৰ এটা জাকে – ৰাধা গগৈ আৰু মাঝী নামৰ দুজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি বিষ্টৰ ক্ষতি সাধন কৰাৰ লগতে কেইবাটাওঁ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে এই ঘটনাত ৰাধা গগৈৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ উপস্থিত মৃত্যু ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। ৰাধা গগৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে। উল্লেখ যে মাকুমকিল্লা অঞ্চলৰ সংৰক্ষিত বনাঞ্চল কাঠ মাফিয়াৰ কৱল পৰি সম্পূৰ্ণ ধ্বংস হোৱাত খাদ্যৰ সন্ধানত অহা বন্য হস্তীয়ে মাকুম কিল্লা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উপদ্ৰৱ সৃষ্টি কৰি অহাৰ ফলত গ্ৰামাঞ্চলৰ লোক সকল বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। এইক্ষেত্ৰ বগাহাতী পৰিণত হোৱা বন বিভাগৰ বিৰুদ্ধে সাধাৰণ ৰাইজে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

You might also like