নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে তিনিটা বাসগৃহ, বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে, বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: মাৰ্ঘেৰিটা ২নং মাকুম পথাৰ গাওঁত পুৱতি নিশা অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰে। মাৰ্ঘেৰিটা বনবিভাগৰ অন্তৰ্গত ২নং মাকুম পথাৰ ৩টা বাসগৃহ বন্যহস্তীটোৱে সম্পূৰ্ণ লণ্ডভণ্ড কৰে। মায়াৰাম গোৱালা, সুনিল খাৰীয়া আৰু প্ৰিয়ঙ্কা নাগৰ ঘৰ লণ্ডভণ্ড কৰে হাতীয়ে।

ইতিপূৰ্বে ব্যক্তিকেইগৰাকীৰ বাসগৃহ ৮-৯ বাৰ পৰ্য্যন্ত খাদ্যসন্ধানত অহা বন্যহস্তীয়ে লণ্ডভণ্ড কৰিছে যদিও বনবিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰাত ক্ষুদ্ৰ হৈ পৰিছে গৃহস্থ । ইয়াৰ ওপৰিও অঞ্চলটোৰ ৰাইজ বন্যহস্তীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগা হোৱাৰ উপৰিও বহুকেইজন প্ৰাণ হেৰুৱাব লগা হোৱৰ লগতে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা ঘটনা সংঘটিত হৈ আহিছে যদিও বনবিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে ।

এইক্ষেত্ৰত বনবিভাগে তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখ যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য সন্ধানত প্ৰায়ে বন্যহস্তী জনাঞ্চললৈ আহে কাৰন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যোন আৰু সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ সন্ত্ৰাসৰ ফলত বন্যহস্তীৰ লগতে বন্য জীৱকুল খাদ্য সংকটত পৰিছে বুলি প্ৰকৃতিপ্ৰেমী সকলে উদ্যেগ প্ৰকাশ কৰিছে। এইক্ষেত্ৰত বগাহাতীত পৰিণিত হোৱা বন বিভাগটোক সক্ৰীয় কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে।

 

Input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like