নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত খাদ্যত বিষক্রিয়াঃ ছজন চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ নিজগৰুবন্ধা গাঁৱৰ একেটা পৰিয়ালৰ আটাইকেইজন, ৬জনকৈ সদস্য শৌচ,বমি কৰি অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১৯ এপ্রিলত গাঁওখনৰ বাসিন্দা নুৰুল হক নামৰ পৰিয়ালটোৰ সদস্যসকলে দুপৰীয়াৰ সাঁজত মাটি দাইলৰ লগত মাছ ৰান্ধি খাইছিল৷ আনহাতে, দুপৰীয়া ৰৈ যোৱা উক্ত মাটি দাইলৰ সৈতে মাছৰ তৰকাৰীকে পৰিয়ালটোৱে পুনৰ নিশাৰ আহাৰত গ্রহণ কৰে৷ জানিব পৰা মতে নিশাৰ আহাৰ গ্রহণ কৰাৰ পিছত ৯ বজাত সকলো শুই থকাৰ মাজতে পৰিয়ালটোৰ মুৰব্বী নুৰুল হক (৪০), পত্নী আকলিমা খাতুন (৩৫) আৰু দ্বিতীয় কন্যা জেছমিনা খাতুন (১০) তিনিও শৌচ, বমি কৰি অসুস্থ হৈ পৰাত গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল মালেকে নিশাই ১০৮ সেৱাক ম’বাইলেৰে ফোন কৰি মাতি পঠিয়ায়৷ কিছুসময়ৰ পিছতে ১০৮ সেৱাৰ দ্বাৰা অসুস্থ হৈ পৰা তিনিওকে উক্ত বাহনত তুলি তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰায়৷ ইফালে, একেটা পৰিয়ালৰ আন এগৰাকী সদস্য তথা নুৰুল হকৰ জ্যেষ্ঠ কন্যা চুমাইয়া খাতুন (১৩) পিছদিনা পুৱা একেটা ৰোগত অসুস্থ হৈ পৰাত ওচৰ চুবুৰীয়াই পুনৰ গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ এম্বুলেঞ্চেৰে ছমাইয়া খাতুনক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰায়৷ ইফালে, নুৰুল হকৰ ৮ আৰু ৩ বছৰীয়া দুই পুত্র–কন্যা ক্রমে আকাশ আৰু নাহিত কালি নিচেই পুৱাতে শৌচ আৰু বমিত অসুস্থ হৈ পৰাত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হয়৷

You might also like