নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ সাহায্য পূজিলৈ বৰঙণি আগবঢ়ালে “পোষণ অভিযান”ৰ কৰ্মচাৰী সন্থাই

নিয়মীয়া বাৰ্তা, ৪ জুলাই : আজি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত সদৌ অসম “পোষণ অভিযান” কৰ্মচাৰী সন্থাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে আৰু এই সাক্ষাৎকাৰৰ সময়ত কভিড-১৯ টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই “মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি” লৈ পঞ্চাশ হাজাৰ টকাৰ চেক আগবঢ়াই লগতে সন্থাৰ ফালৰ পৰা কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।

উল্লেখ্য যে মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত উপস্হিত আছিল সন্থাৰ সভাপতি মৃদুকমল কলিতা আৰু সদস্য ক্ৰমে লক্ষী প্ৰভা দাস আৰু উৎপল ডেকা।

You might also like