নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰ চিকিৎসালয়ত প্ৰসূতিক কীট প্ৰদান জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: মুছলপুৰৰ ডা° ৰবি বড়ো অসামৰিক চিকিৎসালয়ত কালি বাক্সা জিলাৰ উপায়ুক্তই প্ৰসূতি আৰু কেচুৱাক কীট প্ৰদান কৰে ৷ বাক্সা জিলাখন আকাঙ্খিত জিলাৰ ভিতৰত ধৰা হৈছে ৷ আকাংক্ষিত জিলা কাৰ্যসূচীৰ অধীনত বাক্সা জিলাৰ উপায়ুক্ত মাচণ্ডা মেকডেলিন পাৰ্টিনে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত নৱজাত শিশুৰ মাতৃৰ মাজত বেবী ছেফটি কিট বিতৰণ কৰে। উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়ত প্ৰসৱৰ পিছত প্ৰসুতি গৰাকীক ৪৮ ঘণ্টা স্বাস্থ্য কেন্দ্ৰত থাকিবলৈ পৰামৰ্শ দিয়ে যাতে চিকিৎসা কৰ্মীয়ে প্ৰসুতি আৰু নৱজাতকক ভালদৰে যত্ন লব পাৰে ৷ নৱজাতকক ভালদৰে চাফচিকুণ কৰি ৰাখিবলৈ  এই বেবী কিটসমূহ বিতৰণ কৰা হয় যাতে প্ৰসৱৰ পিছৰ পৰ্যাপ্ত যত্ন লাভ কৰিব পাৰে ৷ এইধৰণৰ কীট প্ৰদানেৰে আইএমআৰ আৰু এমএমআৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে। বেবী কীট বিতৰণ কৰাৰ  লগতে জিলা উপায়ুক্ত মাচণ্ডা মেকডেলিন পাৰ্টিনে নৱজাতকৰ  মাতৃসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক অনুৰোধ কৰে যে তেওঁলোকৰ নৱজাতকে প্ৰথম ৪৮ ঘণ্টাত প্ৰয়োজনীয় সকলো প্ৰতিষেধক চিট লাভ কৰাটো নিশ্চিত কৰক আৰু শিশুসকলৰ টিকাকৰণৰ সময়সূচী নিয়মীয়াকৈ থাকিবলৈ অনুৰোধ জনায়।০০০ 

নিৰেণ কুমাৰ শৰ্ম্মা

You might also like