নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত চি পি আই (এম) ৰ প্ৰতিবাদী কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ  পেট্ৰল , ডিজেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নগাঁৱত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে চি পি আই(এম)দলে । মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলি চি পি আই(এম)ৰ নগাওঁ জিলা সমিতিয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি নগাওঁ চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী চি পি আই(এম) দলে কয়- অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহ কৰাত সমস্যাৰ সৃষ্টি কৰিছে ৷ পেট্ৰল , ডিজেেল, ৰন্ধন গেছ , ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰতিনিয়ত বাঢ়ি আছে ৷ তাৰপিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। চি পি আই(এম) দলে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে চি পি আই (এম) দলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

You might also like