মৰাণ–খোৱাঙত জব্দ ক’ৰোনা স্পর্শকাতৰ অঞ্চলৰ পৰা অহা পাচলিভর্তি বাহন
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ দেওবাৰে ডিব্রুগড–চৰাইদেউ জিলাৰ সীমান্তত অৱস্থিত মৰাণত আৰক্ষীয়ে গোলাঘাট, খাৰুপেটীয়া আৰু ওদালগুৰিৰ পৰা অহা পাচলিভর্তি চাৰিখনকৈ বলেৰ’ জব্দ কৰাৰ লগতে চালক ক্রমে গোলাঘাট চান্দমাৰীৰ চন্দন দে’ (২৪), খাৰুপেটীয়াৰ ইছমাইল আলী (২৫), ওদালগুৰিৰ অজিত সিং (৩৩) আৰু গোলাঘাট বৰহোলাৰ কনকেশ্বৰ সোণোৱাল (৩২)ক গ্রেপ্তাৰ কৰে৷ প্রশাসনৰ নির্দেশ অমান্য কৰি ডিব্রুগড জিলাত প্রৱেশ কৰিবলৈ লওঁতে মৰাণ আৰক্ষীৰ তালাচীত গাডীকেইখন জব্দ কৰে৷ যিহেতু ডিব্রুগড জিলাৰ উপায়ুক্তৰ নির্দেশমর্মে বহিঃজিলাৰ যিকোনো শাক–পাচলিৰ গাডী জিলাখনত সোমোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কিন্তু অসাধু একাংশ ব্যৱসায়ীয়ে মুনাফা লুটাৰ স্বার্থত প্রশাসনৰ আইনক ভেঙুচালি কৰি ডিব্রুগড জিলাত প্রৱেশ কৰিবলৈ সক্ষম হৈছে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷