নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাপাগলাদিয়া নৈৰ মথাউৰি নির্মাণত অনিয়ম

নিয়মীয়া বাৰ্তা, ২২ মে: উত্তৰে ভূটান পাহাৰৰ পৰা বাক্সা জিলাৰ মাজেৰে দক্ষিণে নলবাৰী জিলাৰ মাজেৰে বৈ যোৱা এখন উল্লেখনীয় তথা খৰস্রোতা নৈ হ’ল মৰাপাগলিয়া নৈ৷ নৈখনৰ পানীয়ে জিলা দুখনৰ কৃষিপথাৰ যিদৰে জীপাল কৰি কৃষকৰ উন্নয়ন সাধিছে, তেনেদৰে বাৰিষা নৈখনৰ কোবাল সোঁতে ৰুদ্রমূর্তি ধৰি জিলা দুখনৰ নৈপৰীয়া ৰাইজৰ সপোনো ভাঙি চূৰমাৰ কৰি পেলাইছে৷ সেয়ে নৈখনৰ দুয়োপাৰে বিজ্ঞানসন্মত পৰিকল্পিত মথাউৰি বন্ধাটো অতিকে প্রয়োজনীয়৷ প্রতি বছৰে নৈখনৰ বলিয়া বানত কেইবাবাৰো ৰাইজ ক্ষতিগ্রস্ত হোৱাৰ লগতে নৈখনে নৈপৰীয়া অঞ্চলসমূহত স্বাভাৱিক জীৱনযাত্রা দুর্বিষহ কৰি তুলিছে৷ নদীখনৰ কোবাল সোঁতক ৰুধিবলৈ চৰকাৰে মথাউৰি বান্ধিবলৈ বাৰেবাৰে বহু টকাৰ আবণ্টন দি আহিছে৷ কিন্তু এচাম ধুৰন্ধৰ আমোলা–বিষয়া–ঠিকাদাৰ্ দুর্নীতি, মইমতালি আৰু অদূৰদর্শিতাৰ বাবে আজিলৈকে মৰাপাগলাদিয়াৰ দুয়োপাৰে সম্পূর্ণকৈ মথাউৰি নির্মাণ হৈ উঠা নাই৷ নৈখনৰ নলবাৰী জিলাৰ নামবৰভাগ মৌজাৰ সুৰাদীৰ পৰা শিয়ালমাৰীলৈ এটি বৃহৎ অংশৰ মথাউৰি আজিও সম্পূর্ণ হৈ নুঠিল৷ এচাম আমোলা–বিষয়া–ঠিকাদাৰ্ বাবে নামবৰভাগৰ এই মথাউৰিছোৱা যেন সোণৰ কণী পৰা হঁাহতহে পৰিণত হৈছে৷ কিয়নো নৈপৰীয়াঞ্চলসমূহ ৰাইজে দীর্ঘদিন ধৰি মৰাপাগলিয়াৰ বান সমস্যা সমাধানৰ দাবী উত্থাপন কৰি অহাৰ পাছত বিগত ২০১৫ চনত নৈখনৰ দুয়োপাৰৰ মথাউৰি নির্মাণৰ কাম কৰাৰ সিদ্ধান্ত লৈছিল জলসম্পদ বিভাগে৷ আৰু সেই মর্মে ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ জৰিয়তে ২০১৫ চনৰে পৰা বৰমাৰ সমীপৰ মিলন চ’কৰ পৰা সুৰাদি, দহকাউনীয়া, গোৱৰাদল, ৰতনপুৰ, বালি–পামৈপাৰা আদিৰ মাজেৰে টিহু–আখৰা গডকাপ্ঢানী পথৰ বালি–শিয়ালমাৰীলৈ নৈ খনৰ দুয়োপাৰৰ মথাউৰি বান্ধিবলৈ ১৮ কোটি টকা ব্যয় কৰা হৈছিল৷ কিন্তু নির্মাণকার্যত নিয়োজিত ঠিকাদাৰসকলে বিগত ছয় বছৰে মথাউৰি নির্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰাত বিগত বছৰ সমূহত বিভিন্ন ঠাইত বাৰিষা নৈখনৰ বাঢ়নী পানীয়ে মথাউৰিৰ ওপৰেৰে পানী বাগৰি মথাউৰি ছিঙি তাণ্ডৱ চলাই ৰাইজক আলাই– আথানি কৰি অহাৰ লগতে নৈখনে জণসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা দুর্বিষহ কৰি তুলিছিল৷বিগত ২০১৯ বর্ষৰ ১১জুলাইত নৈখনে গোৱৰাদল গাঁৱৰ গোৱৰাদল মিলন হাইস্কুলৰ খেলপথাৰৰ পৰা প্রায় এক–ডেৰ কিলোমিটাৰ মান দূৰত (পদ্মপাৰা আৰু লংকা চুবুৰীৰ মাজত) নৈখনৰ দক্ষিণ পাৰৰ মথাউৰিটোত (নতুনকৈ অলপো মাটি নেপেলোৱা অংশত) মথাউৰিটোৰ ওপৰেৰে প্রথমে পানী বাগৰি পিছত পানী বাগৰা অংশইদি নৈখনৰ বাঢ়নী পানীয়ে মথাউৰিটো ছিগি নিয়াৰ ফলত নামবৰভাগ মৌজাৰ প্রায় ২০ খন গাঁও বানৰ কবলত পৰি ৰাইজ জুৰুলা হোৱাই নহয় ৰাইজ সর্বস্বান্ত হৈছিল৷ ইয়াৰ তিনিদিন পাছত আকৌ অর্থাৎ ১৫ জুলাইৰ দিনা নৈখনৰ বাঢ়নী পানীয়ে পুনৰ গোৱৰাদলৰ চামতিয়াপাৰাত নৈখনৰ দক্ষিণ ফালৰ মথাউৰিৰ ওপৰেৰে প্রথমতে পানী বাগৰি পিছলৈ মথাউৰি ছিগি নতুনকৈ বহুকেইটা অঞ্চল প্লাৱিত কৰিছিল৷ বিগত বর্ষৰ ২০২০ চনৰ মার্চ মাহৰ পৰা পুনৰ মথাউৰি নির্মাণৰ কাম আৰম্ভ কৰা হয়৷ এইবাৰ ১৩ কোটি টকা ব্যয় সাপেক্ষে মথাউৰিটোৰ ৪০০ মিটাৰ ব্রীজ ক্লজিং আৰু ৪৯৯ মিটাৰ প্রটেকচনৰ কাম কৰিবলৈ জলসম্পদ বিভাগৰ পৰা আবণ্টন দিছে বুলি জানিব পৰা গৈছে৷ কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে পূর্বৰ দৰে এইবাৰো নলবাৰী জিলাখনৰ গোৱৰাদল গাঁৱৰ লংকা আৰু চামতীয়াপাৰা চুবুৰিৰ সমীপত মৰাপাগলাদিয়াৰ মথাউৰি নির্মাণৰ কামৰ গতিত ৰাইজ আস্বস্ত হ’ব পৰা নাই, কিয়নো মথাউৰি নির্মাণৰ কাম কৰিছে যদিও নির্মাণৰ কাম নিম্নমানৰ বুলি ৰাইজে উল্লেখ কৰি জি অ’ বেগ, পার্কুপাইনকে ধৰি মথাউৰিৰ ওপৰত ছেণ্ট গ্রেভেল দিয়া আদি কামবোৰ আগবঢ়া নাই বুলিও ৰাইজে অভিযোগ তুলিছে৷ ইতিমধ্যে বালিৰে বন্ধা মথাউৰিৰ বিভিন্ন অংশত বৰষুণে মথাউৰি খহাই নিছে৷ কিছু কিছু অংশ গৰাহখহনীয়াত ক্ষতিগ্রস্ত হৈছে৷ আনফালে নামবৰভাগৰ কিছু কিছু ঠাইত বিপদসংকুল হৈ আছে নৈখনৰ মথাউৰি৷ আৰু এনেদৰে মৰাপাগলাদিয়াৰ মথাউৰি নির্মাণৰ কাম বছৰ বছৰ ধৰি অসম্পূর্ণ হৈ ৰোৱাত একাংশ ৰাইজে পুনৰ কোটি–কোটি চৰকাৰী ধনৰ শ্রাদ্ধ হ’ব বুলি সন্দেহ ব্যক্ত কৰিছে৷

You might also like