নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাত বানৰ কবলত ৩৬৪ খন গাঁৱৰ ৪ লক্ষাধিক লোক

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ সাম্প্ৰতিক প্ৰলয়ংকৰী বানৰ কবলত পৰা মৰিগাঁও জিলাৰ ৩৬৪ খন ৰাজহ গাঁৱৰ ৪,২০,৩৪৮ গৰাকী আক্ৰান্ত হৈছে।সেই অনুসৰি মায়ং ৰাজহচক্ৰৰ সৰ্বাধিক ১৪৬ খন গাঁৱৰ ২,৩৭,০৭০ গৰাকী লোক বানৰ কবলত পৰিছে।তেনেদৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৯০ খন গাঁৱৰ ৯৭৭০১ লোক বানৰ কবলত পৰা লগতে লাহৰীঘাট ৰাজহচক্ৰৰ ৩১ খন গাওঁৰ ২০৬৫ জন,মৰিগাঁও ৰাজহ চক্ৰৰ ৯৭ খন ৰাজহ গাঁৱৰ ৮৩,৫৭৩ গৰাকী লোক বানৰ কবলত পৰিছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ন ন অঞ্চল বুৰাই পেলোৱাৰ ফলত উক্ত অঞ্চলৰ ৰাইজৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে।একাধিক গড়কাপ্তানী পথ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত যাতায়ত বিঘ্নিত হৈ পৰিছে।আনকি পশুধন সমূহৰ ক্ষেত্ৰত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য অনুসৰি সাম্প্ৰতিক বানত মৰিগাঁও জিলাত বৃহৎ সংখ্যক সৰু-বৰ পশুধন বানৰ কবলত পৰিছে।ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে বানৰ ফলত সৃষ্ট পৰিস্থিতি মোকাবিলা কৰা বাবে তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

মৰিগাঁও জিলাৰ ভূৰাগাঁও, লাহৰীঘাটত উদ্ধাৰ কাৰ্যৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ গোট সষ্টম কৰি ৰখা লগতে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আজি বিয়লি মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা,জিলা উন্নয়ন আয়ুক্ত দীপা দাস সহিতে বৰচাপৰি নদী ঘাটত উপস্থিত হৈ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত বৰালীমাৰী অঞ্চললৈ খাদ্য সামগ্ৰী যোগান ব্যৱস্থাৰ তদাৰক কৰা পৰিলক্ষিত হয়।

আনহাতে মৰিগাঁও জিলাৰ বানকবলিত অঞ্চলত অবৰ্ননীয় পৰিবেশৰ সৃষ্টি হৈছে।আনকি বন্যাৰ্তই খাদ্য সামগ্ৰীৰ লগতে পশুধন সমূহেও খাদ্যৰ বাবেও হাহাকাৰ পৰিবেশ বিৰাজ কৰিছে।অৱশ্যে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰ্যায়ক্ৰমে খাদ্য সামগ্ৰীৰ লগতে খোৱাপানী ,টাৰপলিন আৰু পশুখাদ্য প্ৰেৰন কৰা বুলি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে।

You might also like