নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা পৰিসদৰ কংগ্ৰেছী সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা গৃহীত কৰিলে ১২ গৰাকী জিলা পৰিষদ সদস্যই

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ মৰিগাঁও জিলা পৰিষদ ৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী মজবোন নাহাৰৰ দিনত সংঘটিত হৈছে মীন আঁচনি ৰূপায়ণৰ নামত কোটিটকীয়া কেলেংকাৰী। কংগ্ৰেছী নেত্ৰী গৰাকীৰ বিৰুদ্ধে এই অভিযোগ স্বয়ং কংগ্ৰেছ দলৰ একাংশ জিলা পৰিষদ সদস্যৰ । তাৰেই ফলশ্ৰুতিত কালি মৰিগাঁও জিলা পৰিষদ ১২ গৰাকী নিৰ্বাচিত সদস্যই আজি মৰিগাঁও জিলা পৰিসদৰ সভা কক্ষত সভানেত্ৰী মজবোন নাহাৰৰ বিৰুদ্ধে অনাস্থা ভোট দাখিল কৰে।

উল্লেখ্য অনাস্থা ভোট প্ৰদান কৰা সকলৰ ভিতৰত ৫ গৰাকী বিজেপি ৰ আৰু ৭ গৰাকী কংগ্ৰেছ ৰ নিৰ্বাচিত সদস্য। । অনাস্থা দাখিল কৰা সদস্যএকাংশৰ অভিযোগ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা মৰিগাঁও জিলা পৰিষদ সভানেত্ৰী গৰাকীয়ে হকে বিহকে কোনো এগৰাকী সদস্য অৱগত নকৰাকৈ প্রায় কোটি টকা মীন আঁচনিৰ বাবে খৰচ কৰিছে। উক্ত ক্ষেত্ৰত সম্পূৰ্ণ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্ৰোহী সদস্য সকলে।

অনাস্থা ভোট দাখিল কৰা সদস্য সকল ক্ৰমে ইচমে আৰা বেগম, পবিত্ৰ বৰা , আবিদা বেগম,আব্দুল্লা বাহাৰ, মনিশা বৰদলৈ,স্বামীম হাছান, অসমী পাতৰ, মাধুৰীমা গোস্বামী, পল্লৱ কুমাৰ বৰদলৈ, প্ৰেমাক্ষী দাস আদি।

You might also like