মৰিয়নিত আন্তঃ বিদ্যালয় ক্ৰীড়া সমাৰোহ আৰম্ভ
চাৰে পাঁচ শতাধিক খেলুৱৈৰে মুখৰিত বাপুজী ষ্টেডিয়াম
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত ইয়াৰ বাপূজী ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ আন্তঃ বিদ্যালয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছে । আজি পুৱা মাৰ্চ পাষ্টেৰে এই কাৰ্য্যসূচী মুকলি কৰা হয় । মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথে অভিবাদন গ্ৰহণ কৰা এই মাৰ্চ পাষ্টত মৰিয়নিৰ ১৯ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু মৰিয়নিৰ এন এফ ৰে’লৱে ভাৰত স্কাউট এণ্ড গাইডে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত মৰিয়নিৰ জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱা, জংঘলব্লক হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা, শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক তুলতুল শইকীয়া, মৰিয়নি আদৰ্শ হিন্দী বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক ভগত, মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্ত আদিৰ লগতে বহুসংখ্যক শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে । ৰাজ্যিক এথলীট সন্ধ্যা গোৱালা, প্ৰদীপ দেৱ, দেৱগুণ পাটনায়ক আৰু ধৰ্মেশ্বৰ গঞ্জুৱে অলিম্পিক শিখা দৌৰ সম্পন্ন কৰাৰ অন্তত খেলুৱৈসকলৰ হৈ সমাৰোহৰ শপত লয় জংঘলব্লক হাইস্কুলৰ ছাত্ৰী কৃষ্ণা বৰাই । ইয়াৰ পিছতে শিল্পী চেনিৰাম কুৰ্মী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক তুলতুল শইকীয়াই শ্বটপুট দলিয়াই সমাৰোহখনি আৰম্ভ কৰে । এই সমাৰোহত মৰিয়নিৰ ১৯ খন বিদ্যালয়ৰ চাৰে পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । আজি সমাৰোহৰ বহুকেইটা ইভেন্টৰ খেল অনুষ্ঠিত হয় । কাইলৈ দ্বিতীয় দিনা আন কেবাটাও ইভেন্ট অনুষ্ঠিত হ’ব । আনহাতে, শনিবাৰে চূড়ান্ত খেলসমূহ, ৪ × ১০০ মিটাৰ ৰীলে ৰেচৰ লগতে বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।উল্লেখযোগ্য যে এই সমাৰোহত এথলেটিক খেলসমূহ অনুষ্ঠিত হৈছে ।
দিব্যজ্যোতি শইকীয়া