মৰিয়নিত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: সমগ্ৰ শিক্ষা মিছন যোৰহাটৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয় আৰু মৰিয়নি আৰবান মণ্ডল হাইস্কুল সমূহৰ সহযোগত আজি দিনজোৰা কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । এই উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ভৱনত বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হয় । আৰম্ভণিতে মাতৃভাষাৰ জৰিয়তে যিসকলে বিশ্বজনীন – কালজয়ী সাহিত্যৰ ৰচনা কৰি নিজ নিজ মাতৃভাষাক গৌৰৱান্বিত কৰি থৈ গ’ল , বিশ্বৰ কেবাজনো তেনে স্বনামধন্য ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰি মনিষীসকলৰ প্ৰতি শ্ৰদ্ধা জনায় । তাৰ পিছতেই মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা মিত্ৰদেৱ মহন্ত্ৰ ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে কাৰ্য্যসূচীৰ আৰম্ভণি কৰা হয় । আনহাতে, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে আগবঢ়োৱা আদৰণি ভাষনত মাতৃভাষা অবিহনে কোনো ব্যক্তিয়েই সম্পূৰ্ণ হ’ব নোৱাৰে বুলি উল্লেখ কৰে । প্ৰতিজন লোকেই নিজৰ মাতৃভাষাক ভালপোৱাৰ লগতে মাতৃভাষাৰ চৰ্চা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয়- যিদৰে নিজৰ আইক ভালপাঁও বুলি কোৱা মানেই আনৰ আইক বেয়া পোৱাতো নুবুজাই একেদৰে নিজৰ মাতৃভাষাক ভালপাওঁ বুলি কোৱাটোৱে আনৰ মাতৃভাষাৰ প্ৰতি অসন্মান কৰাতো নুবুজায় । যোৰহাট জিলাৰ শিক্ষা আঁচনি বিষয়া পৰশ গোস্বামীয়ে বক্তৃতা প্ৰদান কৰি মাতৃভাষাৰ গুৰুত্ব আৰু চৰ্চাৰ আহ্বান জনায় । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সমগ্ৰ শিক্ষা মিছনৰ বিষয়া অৰ্পিতা দত্ত, মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ড° বৰ্ণালী চেতিয়া আদিয়েও বক্তব্য প্ৰদান কৰি মাতৃভাষাৰ উত্তৰণ আৰু তাৎপৰ্য সম্পৰ্কে উল্লেখ কৰে । মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠা অধ্যাপিকা ড° সুগন্ধি দাস আৰু মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্মাই আঁত ধৰা মনোগ্ৰাহী অনুষ্ঠানটোত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে গীত, কবিতা, অভিনয় আদি মাতৃভাষাত পৰিবেশন কৰে । দিৱসৰ লগত সংগতি ৰাখি মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপিকাদ্বয় উদেষ্ণা টায়ে মাতৃভাষাত মিছিং কবিতা পাঠ আৰু হেইনেইকিপ হাওলায়ে কুকি আৰু ক’ম ভাষাৰ উক্তি হিন্দীত অনুবাদ কৰি শুনায় । মৰিয়নি মহাবিদ্যালয়ৰ প্ৰৱক্তা ডেভিড হাফলংৱাৰে ডিমাছা ভাষাৰ উক্তি আৰু শব্দ অসমীয়া ভাষালৈ অনুবাদ কৰি শুনোৱাৰ লগতে ডিমাছা ভাষাৰ সম্পৰ্কে উল্লেখ কৰে । তাৰোপৰি চি আৰ চি চি কৃষ্ণা মিশ্ৰই সংস্কৃত শ্লোক, হিন্দী হাইস্কুলৰ শিক্ষয়িত্ৰী অনিতা কুমাৰীয়ে স্বৰচিত হিন্দী কবিতা পাঠ, ৰে’লৱে হাইস্কুলৰ শিক্ষক কিষান ঘোষে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । ইয়াৰোপৰি মৰিয়নি বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলে ভাষা শিক্ষণৰ ওপৰত এখনি সুন্দৰ একাংকিকা পৰিবেশন কৰে । আদৰ্শ হিন্দী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীতৰ লগতে ছাত্ৰ ছাত্ৰীসকলে গীত পৰিবেশন কৰে । মৰিয়নি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সাধু কথা, কবিতা পাঠ আৰু অভিনয় প্ৰদৰ্শন কৰে । আনহাতে, ৰে’লৱে হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ক’ভিড ভেকচিন সম্পৰ্কীয় চুটী নাট পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । তেওঁলোকে বিভিন্ন জাতি জনজাতিৰ সাজপাৰ পৰিধান কৰি ৰাষ্ট্ৰীয় ভাষাত সমবেত সংগীত পৰিবেশন কৰে । অনুষ্ঠানটোত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকন, বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববীনা তাঁতী, হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক ভগত, মৰিয়নি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ৰঞ্জন দত্ত, জ্যেষ্ঠা অধ্যাপিকাদ্বয় ড° মানবী গগৈ, বানী বৰা আদি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।