মৰিয়নিত ব্যস্ত ৰে’লগেট মহতিয়ালে ট্ৰাকেঃ এঘণ্টাৰো অধিক সময় আৱদ্ধ যানবাহন হুলস্থুলীয়া পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত ব্যস্ততম লেভেল ক্ৰছিঙত সংঘটিত এক দুৰ্ঘটনাৰ পিছত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে এই ঘটনাৰ পিছতেই এঘন্টাতকৈও অধিক সময় আৱদ্ধ হৈ পৰে যান বাহন । এই সন্দৰ্ভত জানিব পৰা মতে, যোৰহাট মৰিয়নি পথক অতিক্ৰম কৰি যোৱা মৰিয়নি-তিনিচুকীয়া মূল ৰে’লপথৰ ৯১ নং লেভেল ক্ৰছিঙৰ ৰে’ল গেট কালি ৰাতি এখন ট্ৰাকে মহতিয়াই নিয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে, এখন ৰে’ল অহাৰ বাবে গেটমেনে সেই সময়ত গেটখন বন্ধ কৰিছিল । কিন্তু থানা তিনি আলিৰ পৰা যোৰহাট দিশে যোৱা এখন বেগী ট্ৰাকে এটা দিশৰ ৰে’লগেট মহতিয়াই লৈ যায়। গেটখনৰ এটা দিশ ট্ৰাক খন কোনোমতে পাৰ হয় যদিও আনটো দিশে ৰে’ল গেটৰ লোহাৰ ডাল মহতিয়াই ভাঙি পেলায় আৰু ট্ৰাকখন ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা আঁতৰি যায় । সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত নহ’ল । ইয়াৰ পিছত গেটখন বন্ধ কৰিবৰ বাবে থকা বিকল্প ব্যৱস্থাৰে গেট বন্ধ কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত আহি থকা ৰে’লখনে চিগনেল লাভ নকৰে । ফলত আউটাৰত যথেষ্ট সময় ৰে’লখন আৱদ্ধ হৈ পৰে ।
ইফালে, গেটমেনে ৰে’ল গেটখন বন্ধ কৰিলে যদিও কাৰিকৰী খেলিমেলিৰ বাবে গেটখন খুলিব নোৱাৰা হৈ পৰে । যাৰ ফলত গেটৰ দুয়োদিশে শ শ যান বাহন আৱদ্ধ হৈ পৰে । তাৰ মাজতে বিপদজনক অৱস্থাত গৰ্ভৱতী মহিলা কঢ়িয়াই অনা বাহনো আৱদ্ধ হৈ পৰে । আনহাতে, এক ঘন্টাতকৈও অধিক সময় অনাহকত আৱদ্ধ হৈ পৰাৰ ফলত একাংশ লোক ক্ষুব্ধ হৈ পৰে আৰু ৰে’ল বিভাগৰ এনে দায়িত্বহীনতাৰ বিৰুদ্ধে সৰৱ হয় । ফলত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিস্থিতিৰ । আনকি ৰে’ল আৰক্ষী আহিও পৰিস্থিতিৰ বুজ লবলগীয়া হয় । তাৰ মাজতে দুজনকৈ গেটমেনে পাৰ্য্যমানে চেষ্টা কৰিও বিফল হোৱাৰ পিছত কাৰ্য্যালয়ক অৱগত কৰে । পিছত তিনিজনকৈ কৰ্মচাৰী আহে যদিও তেওঁলোকো ব্যৰ্থ হয় । তাৰ পিছতো বহুসময় যুঁজিব লগা হয় কিন্তু বন্ধ গেট খোল নাখালে। ৰে’ল বিভাগৰ সূত্ৰ মতে, লেভেল ক্ৰছিঙত ৰে’লগেট বন্ধ কৰাৰ পিছত স্বয়ংক্ৰিয়ভাৱে তলা বন্ধ হৈ যায় । যাতে কোনেও জোৰ কৰি ৰে’ল গেট খুলিব নোৱাৰে । ৰে’লখনে লেভেল ক্ৰছিং পাৰ হৈ যোৱাৰ কিছু সময়ৰ পিছত সেই তলা পুনৰ স্বয়ংক্ৰিয়ভাৱে খোল খায় । ইয়াতো তেনেদৰে বন্ধ হৈছিল । কিন্তু মূল ৰে’লগেটখন ট্ৰাকে মহতিয়াই ভাঙি পেলোৱাৰ বাবেই কাৰিকৰী বিজুতি হয় আৰু বন্ধ তলা খুলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । অৱশেষত উপায়বিহীন হৈ আৱদ্ধ হৈ থকা মালবাহী ৰে’লখনক আহিবলৈ দিয়া হয় । সেইমতে ৰে’লখন পাৰ হৈ যোৱাৰ পিছতহে গেটখন খুলিব পৰা হয় । তাৰ পিছত পৰিস্থিতি স্বাভাৱিক হয় । ৰে’ল বিভাগৰ গাফিলতিৰ বাবেই কালি ৰাতি দুৰ্ভোগ ভুগিব লগীয়া হয় একাংশ লোকে ।
লক্ষ্যণীয় যে, মৰিয়নি নগৰত থকা দুটাকৈ গুৰুত্বপূৰ্ণ লেভেল ক্ৰছিঙত থকা ৰে’ল গেটত ইয়াৰ পূৰ্বেও একাধিক দুৰ্ঘটনা সংঘটিত হৈছে । কাৰিকৰী বিসংগতিৰ কথা বাদ দিলেও একাধিকবাৰ ৰে’ল গেট দুখনে পথাচাৰীৰ লগতে যান বাহনক সমস্যাৰ সন্মুখীন কৰাই আহিছে । এই ক্ষেত্ৰত ভৱিষ্যতে অধিক সতৰ্ক হ’বলৈ ৰে’ল বিভাগৰ প্ৰতি সচেতন ৰাইজে আহ্বান জনাইছে ।