মৰিয়নিত যোগ দিৱস পালন
নিয়মীয়া বাৰ্তা, ২১ জুন: দেশৰ অন্যান্য ঠাইৰ লগতে মৰিয়নিতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । মৰিয়নি পৌৰসভাৰ উদ্যোগত ইয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি পুৱা যোগ দিৱস উপলক্ষ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । যোগ প্ৰশিক্ষক অপূৰ্ব নাথে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যোগ দিৱসৰ তাৎপৰ্যৰ সম্পৰ্কে ব্যাখ্যা কৰে। অনুষ্ঠানটোত মৰিয়নি পৌৰসভাৰ পৌৰপ্ৰধান বিশ্বপ্ৰভা শইকীয়া, উপ- পৌৰপ্ৰধান প্ৰদীপ দাস, ৱাৰ্ড সদস্য ৰঞ্জুশ্ৰী দাস, গায়ত্ৰী চক্ৰৱৰ্তী, শংকৰ চক্ৰৱৰ্তী আৰু কাজল ভট্টাচাৰ্য্য, মৰিয়নি পৌৰসভাৰ স্বচ্ছ ভাৰত মিছনৰ ন’ডেল বিষয়া গোপাল গগৈ, চিটী প্ৰ’জেক্ট বিষয়া কমল কলিতা, মৰিয়নি পৌৰসভাৰ মৃদুল শইকীয়া, প্ৰশান্ত গগৈ, প্ৰাক্তন ৱাৰ্ড সদস্যা ৰিজুমনি চেতিয়া দাস, স্নেহা শইকীয়া, প্ৰশান্ত দাস আদিৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে । যোগ সাধনাৰ দ্বাৰা মানুহ নিৰোগী হৈ থাকিব পাৰি বুলি উল্লেখ কৰি সকলোকে নিয়মীয়াভাৱে যোগ সাধনা কৰিবলৈ মৰিয়নি পৌৰসভাৰ পৌৰপ্ৰধান বিশ্বপ্ৰভা শইকীয়াই সকলোৰে প্ৰতি আহ্বান জনায় ।