মৰিয়নিত হাতীৰ আক্ৰমণত কিশোৰী নিহত; গুৰুতৰভাৱে আহত মাতৃ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : মৰিয়নিৰ বিজয়পুৰ অঞ্চলত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ লগতে কিশোৰীগৰাকীৰ মাতৃ গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । হাতীৰ আক্ৰমণত বিজয়পুৰৰ বৰষা গগৈ নামৰ এগৰাকী প্ৰায় ১৫ বছৰীয়া কিশোৰী নিহত হয় । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত বিজয়পুৰ গাঁৱত কালি সন্ধিয়া এটা বনৰীয়া হাতী প্ৰৱেশ কৰে । হাতী সোমোৱাৰ বিষয়ে জানিব পাৰি গাওঁখনৰ লোকসকল সন্ত্ৰস্ত হৈ পৰে । লোকসকলে ঘৰৰ পদূলিয়ে পদূলিয়ে জুই জ্বলাই হাতীক ভয় খুওৱাৰ চেষ্টা চলায় । একেদৰে লোকসকলেও জুইৰ কাষত থাকি হাতী খেদাৰ চেষ্টা কৰে । নিশা ১-৩০ মান বজাত হাতীটো অকস্মাত লক্ষীমাই গগৈৰ ঘৰৰ কাষ পাইহি । আন্ধাৰ আৰু কুঁৱলীৰ বাবে হাতী অহাৰ বিষয়ে তেওঁলোকে জানিব পৰা নাছিল । অকস্মাৎ হাতী অহাৰ উমান পাই লক্ষীমাই গগৈৰ লগতে পৰিয়ালৰ লোকসকল সন্মুখৰ বাগানৰ মাজলৈ দৌৰ মাৰে যদিও হাতীটোৱে পাছে পাছে খেদি যায় । লক্ষীমাই গগৈয়ে নিজৰ প্ৰায় ১৫ বছৰীয়া জী আৰু প্ৰায় ১১ বছৰীয়া পুত্ৰক পলাবলৈ চিঞৰি নিজেই চাহ বাগিচাৰ মাজত সোমাই পৰে । হাতীটোৱে লক্ষীমাইৰ জীয়েক বৰষাৰ পিছে পিছে খেদি গৈ চাহ গছৰ মাজত সোমাই থকা অৱস্থাৰ পৰা টানি আনি শুঁৰেৰে ডাঙি এছাৰ মাৰি দিয়ে । ফলত গুৰুতৰভাৱে আহত হয় কিশোৰীগৰাকী । লক্ষীমাই গগৈয়ে নিজৰ জীয়েকক হাতীয়ে মৰা দৃশ্য দেখি লুকাই থকা স্থানৰ পৰা দৌৰি ওলাই আঁহোতে আক্ৰমণাত্মক হৈ পৰা হাতীটো ঘুৰি গৈ লক্ষীমাই গগৈকো আঘাত কৰে । ফলত লক্ষীমাই গগৈৰো অৱস্থা সংকটজনক হৈ পৰে । স্থানীয় ৰাইজৰ সহযোগত দুয়োকে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও পুৱালৈ কিশোৰী বৰষাৰ মৃত্যু হয় ।
আনহাতে, মাতৃ লক্ষীমাই গগৈ সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে, মাক – বায়েকৰ লগত একেলগে প্ৰয়াত বৰষাৰ ভাতৃ বিকাশ গগৈয়ো পলাই চাহ গছৰ আঁৰত লুকাইছিল আৰু বিকাশ হাতীটোৰ সাম্ভাব্য আক্ৰমণৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে । পিতৃহীনা বৰষা গগৈ জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল । সৰুতে পিতৃক হেৰুৱা বৰষাৰ মাতৃ লক্ষীমাই গগৈয়ে চাহ বাগিচাত কাম কৰি কোনোমতে পৰিয়ালটো চলাইছিল । ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । একেদৰে চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । এই ঘটনাৰ পিছত ক্ষুব্ধ হৈ পৰা অঞ্চলটোৰ ৰাইজে বন বিভাগক তীব্ৰ সমালোচনা কৰে । অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয়- বন বিভাগে হাতীজাক খেদি নিয়াৰ ব্যৱস্থা কৰক । নহ’লে আমাকো মাৰি পেলাওক ।হাতীৰ উপদ্ৰৱৰ বাবেই খেতি বাতি কৰিব নোৱাৰা হৈছে ৰাইজে। এইদৰে থাকিলে খাবলৈ নাপাই মৰিব লাগিব অঞ্চলটোৰ ৰাইজ বুলিও মন্তব্য প্ৰকাশ কৰে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ মতে খৱৰ দিয়াৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীলৈ অহা নাছিল । কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ পিছতো বন বিভাগৰ লোক অহা নাই। ইয়াৰ বিপৰীতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাৰ মহকুমাধিপতি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ক্ষোভিত ৰাইজক হাতীজাক খেদি পঠোৱাৰ লগতে মৃতকৰ পৰিয়ালক যথাসম্ভৱ শীঘ্ৰেই এককালীন সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ইফালে, মৃতদেহ চিকিৎসা মহাবিদ্যালয়ৰ পৰা লৈ আনোঁতে মৰিয়নি নগৰৰ বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ৰখাই বন বিভাগ আৰু আৰক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । পিছত শোকাকুল পৰিবেশত কিশোৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মাতৃ আৰু ভাতৃৰ চকুৰ সন্মুখতে কিশোৰীগৰাকীক বনৰীয়া হাতীয়ে থেকেছি হত্যা কৰা দৃশ্যই সকলো লোকৰে চকু সেমেকাই তুলিছে । কিশোৰীগৰাকীয়ে অধ্যয়ন কৰা জংঘলব্লক হাইস্কুলত বৰষাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীয়ে শোকসভা অনুষ্ঠিত কৰে ।
দিব্যজ্যোতি শইকীয়া