মৰিয়নি চেম্বাৰ্চ অৱ কমাৰ্চৰ সাধাৰণ সভা সম্পন্ন; নতুন সমিতি গঠন
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: মৰিয়নি চেম্বাৰ্চ অৱ কমাৰ্চৰ সাধাৰণ সভাখন আজি চানাই বিবাহ ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় । চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন সম্পাদক তথা মৰিয়নি পৌৰসভাৰ উপ-পৌৰপৰি প্ৰদীপ দাসে । মুকিব জামাল আহমেদে আঁত ধৰা সভাখনত মৰিয়নিৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা আৰু সেইসমূহ সমাধানৰ বাবে বিভিন্ন জনে বক্তব্য প্ৰদান কৰে । এই সভাতেই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে বিত্তীয় প্ৰতিবেদনো পাঠ কৰা হয় । বিগত কাৰ্য্যকালৰ হিচাপ নিকাচৰ খতিয়ান ডাঙি ধৰে প্ৰাক্তন সম্পাদক অৰুণ বিশ্বাসে । সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহন কৰা হয় । মৰিয়নি নগৰৰ এটা ৰাজহুৱা প্ৰসাৱগাৰ স্থাপন কৰা, নগৰৰ বৰ্দ্ধিত যান জঁটৰ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে পাৰ্কিঙৰ ব্যৱস্থা কৰাকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰোপৰি পঞ্জীয়নভুক্ত ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সামগ্ৰী উঠোৱা নমোৱাৰ নামত হাটখোৱাৰ মাচুল আদায় নিদিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় । আজিৰ সভাতেই যুৱ ব্যৱসায়ী পংকজ হাতীবৰুৱাক সভাপতি, কৃষানু পালক সম্পাদক হিচাপে লৈ পৰৱৰ্তী দুটা বছৰৰ বাবে এখন পঁচিশ জনীয়া নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয় । আজিৰ সভাত প্ৰাক্তন সম্পাদক অৰুণ বিশ্বাস, কুলদ্বীপ সিং, আনোৱাৰ হুছেইন, অৰুন বেৰিয়া, কুলদ্বীপ সিং, সন্তোষ সৰকাৰ, সঞ্জয় খাউণ্ড, প্ৰকাশ নাহাৰ, ৰমেশ আগৰৱালা, নিতাই ৰায়, মুকিব জামাল আহমেদ, মানৱ দাস, মিঠু সৰকাৰ দা, সলিল ঘোষ, ৰাখু পুৰকায়স্থ, মৌচম আগৰৱালা, সঞ্জয় আগৰৱালা, মাহতাব আহমেদ, মুজিবুৰ ৰহমান, গোপাল ঘাটোৱাৰ, পৱন গোস্বামী, ৰৌশন জৈন প্ৰমুখ্যে বহুসংখ্যক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে । নতুন সমিতিয়ে একাধিক সামাজিক কাৰ্য্যসূচী হাতত ল’ব বুলি জানিবলৈ দিছে ।
দিব্যজ্যোতি শইকীয়া