নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ মালেগড়ত ব্ৰহ্মপুুত্ৰ-আই-মানাহৰ গৰাখহনীয়াৰ তাণ্ডৱ

ভেটিমাটি-ঘৰবাৰী উছনঃত্ৰাসিত নৈ পৰীয়া ৰাইজ

নিয়মীয়া বাৰ্তা, ২৮ মে’: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ মালেগড়ত ব্ৰহ্মপুত্ৰ-আই-মানাহ নৈৰ গৰাখহনীয়াৰ তাণ্ডৱত নিদ্ৰাহৰণ হৈছে  নৈ-পৰীয়ালোকৰ । উল্লেখ্য যে মালেগড় অঞ্চলৰ গোবিন্দপুুৰত আৰম্ভ হৈছে এই খহনীয়া। জানিব পৰা মতে গোবিন্দপুৰ গাৱঁৰ ওচৰৰে বৈ যোৱা বহ্মপুত্ৰ নৈতে পৰিছেগৈ আই আৰু মানাহ নৈ। কিন্তু নৈ তিনিখনে কালিৰে পৰা তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ক্ৰমে পূৱলৈ আগবাঢ়ি অহাত খহনীয়াৰ কৱলত পৰিছে বিস্তীৰ্ণ অঞ্চল । নৈকেইখনৰ খহনীয়াৰ কৱলত পৰি গাওঁখনৰ ৰাধাকান্ত দাস,নকুল দাসৰ ভেটিমাটি, ঘৰবাৰী আজি নৈৰ বুকুত জাহ যোৱাৰ লগতে গুৰু দাস, অনিল দাস, ৰমেশ দাস,বলোৰাম সৰকাৰ,সুধিৰ দাস,সুজিত দাস আদিৰ ঘৰ-বাৰী ,ভেটিমাটিৰ লগতে অংগনবাদী কেন্দ্ৰ এটা,কালী মন্দিৰ এটাও খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ।এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিব’লৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

You might also like