নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপা ৰেল’ৱে ষ্টেচনৰ ঠিকাদাৰী শ্ৰমিক সন্থাৰ সাধাৰণ সভা

নিয়মীয়া বাৰ্তা, ২৭মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপা ৰেলৱে ষ্টেচন ঠিকাদাৰী  শ্ৰমিক সন্থাৰ বহু প্ৰত্যাশিত সাধাৰণ সভা আজি অনুষ্ঠিত হয় । যোগীঘোপা ৰে’লৱে ষ্টেচনৰ সমীপত থকা ঠিকাদাৰী শ্ৰমিক সন্থাৰ কাৰ্যালয়ত আজি দুপৰীয়া সন্থাৰ সভা অনুষ্ঠিত হয় ।যোগীঘোপা ৰে’লৱে ষ্টেচন ঠিকাদাৰী শ্ৰমিক সন্থাৰ  সভাপতি আজমুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্থাৰ বিষয়াববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায় ।

উক্ত সভাত প্ৰায় তিনি শতাধিক শ্ৰমিকৰ উপস্থিতিত সন্থাৰ সভাপতি আজমুল হকৰ নেতৃত্বত থকা পুৰনি সমিতিখনৰ কাৰ্যকাল শেষ হোৱাত সমিতিখন ভংগ কৰি দিয়ে ।আনহাতে সন্থাৰ নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আউৱাল মজিদৰ সভাপতিত্বত আন এখন সভা অনুষ্ঠিত হয় ।সভাত উপস্থিত থকা শ্ৰমিক সকলো সন্থাৰ পৰবৰ্তী সভাপতি হিচাপে প্ৰতিষ্ঠিত কয়লা ব্যৱসায়ী তথা পূৰ্বৰ সভাপতি আজমুল হকৰ লগতে নজমুল হক( গব্বৰ) ,অনিল দাস, লাচিত মোহন ৰায়, টিকেন কলিতা ,মোছাৰোফ হুছেইন আৰু আৰু ভৈৰৱ সেনৰ নাম প্ৰস্তাৱ আগবঢ়ায় ।অবশ্যে শ্ৰমিকে সভাপতি হিচাপে  মোছাৰোফ হুছেইনে নাম প্ৰস্তাৱ কৰে যদিও মোছাৰফ হুছেইনে নিৰ্বাচনত প্ৰতিদন্দ্বিতাত অংশগ্ৰহণ নকৰে বুলি সভাত উল্লেখ কৰে ।সভাত সন্থাৰ পৰবৰ্তী সভাপতি হিচাপে ছয় গৰাকী লোকৰ নাম প্ৰস্তাৱ কৰাত পৰবৰ্তী সময়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰি সন্থাৰ সভাপতিৰ লগতে আন পদ সমুহ নিৰ্বাচিত কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰে ।আনহাতে আজিৰ সভা কেন্দ্ৰ কৰি কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সষ্টম হৈ থকা পৰিলক্ষিত হয় ।

উল্লেখ্য যে,পূৰ্বে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আজমুল হক নিৰ্বাচিত হৈ সন্থাৰ সভাপতিৰ পদ দখল কৰে। তেওঁৰ তিনিবছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত কোভিড পৰিস্থিতিৰ বাবে সাধাৰণ সভা অনুষ্ঠিত কৰিব পৰা নাছিল সন্থাই ।অৱশেষত আজি সাধাৰণ সভা অনুষ্ঠিত কৰি পৰবৰ্তী সময়ত  সন্থাৰ নতুন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like