যোৰহাটত অসম ভিত্তিত সাধুকোৱা প্রতিযোগিতা সম্পন্ন
- প্রতিজন শিশুৱেই সমাজৰ সম্পদ : হিতেন্দ্র নাথ গোস্বামী
- তুমি যদি সাজু হওতে বিফল হোৱা, তেন্তে বিফলতাৰ বাবেও সাজু থাকা – অভিজিৎ শর্মা বৰুৱা
নিয়মীয়া বাৰ্তা, ৭ মে’ : তুমি যদি সাজু হওতে বিফল হোৱা, তেন্তে বিফলতাৰ বাবেও সাজু থাকা। ‘ঐতিহ্যমণ্ডিত ‘যোৰহাট সাহিত্য সভা’ আৰু ‘আশীর্বাদ শৈক্ষিক ন্যাস’ৰ উদ্যোগত আজি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়স্থিত ডা: নবীন চন্দ্র বৰদলৈ স্মৃতি সদনত সৰবৰহী মহিলা প্রেমদা শইকীয়াৰ সোঁৱৰণত অসমভিত্তিত অনুষ্ঠিত সাধুকোৱা প্রতিযোগিতাৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি প্রতিযোগীসকলক উদেশ্যি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক, যোৰহাটৰ সু-সন্তান অভিজিৎ শর্মা বৰুৱাই । সাহিত্যিকগৰাকীয়ে লগতে কয় যে ‘মই ভালত বৰ ভাল , বেয়াত বৰ বেয়া আমি এই ধৰণৰ কথা কোৱা উচিত নহয় । বেয়াত বৰ বেয়া কথাষাৰে মনৰ ভিতৰত বেয়া কিবা এটা থকাটোহে বুজায় । আচলতে আমি ক’ব লাগে মই ভালত বৰ ভাল, বেয়াতো বৰ ভাল । বেয়াত ভাল হ’ব পৰাজনহে প্রকৃত মানুহ । ‘ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে কয় ‘ প্রতিজন শিশুৱেই সমাজৰ সম্পদ আৰু ভৱিষ্যৎ । শিশুক সু-নাগৰিক তথা মানৱ সম্পদৰূপে গঢ় দিয়াৰ বাবে এনে অনুষ্ঠানৰ প্রয়োজনীয়তা আছে । সাধুকোৱা প্রতিযোগিতাৰ দৰে প্রতিযোগিতাসমূহে শিশুৰ বৌদ্ধিক- মানসিক বিকাশত নিশ্চয় সহায় কৰিব । যোৰহাট সাহিত্য সভাৰ সভাপতি ড০ দিপালী খাৰঘৰীয়া কলিতাৰ সভাপতিত্বত অনুষ্ঠিত তথা আশীর্বাদ শৈক্ষিক ন্যাসৰ উপদেষ্টা নগেন গগৈয়ে আদৰণী ভাষণ প্রদান কৰা সভাত বিশিষ্ট সাহিত্যিক যোগমায়া গগৈ, যোৰহাট সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰাজা চক্রৱর্তী , অসম শিশু সাহিত্য ন্যাসৰ বঁটা প্রাপক বিশিষ্ট সাহিত্যিক অনন্ত কুমাৰ শর্মা, অসম সাহিত্য সভাৰ হিতৈষী সভ্য তথা যোৰহাট জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া প্রবীণ কুমাৰ দাস, চিনামৰা জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্রী কুসুম শইকীয়া, প্রতিষ্ঠিত যুৱ লেখক অৰূপজ্যোতি হাজৰিকা, আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উপদেষ্টা চফল কুমাৰ খাউণ্ড, ,সম্পাদক দিগন্ত বৰুৱা, উপ-সভাপতি অঞ্জন কুমাৰ দত্ত, সহকাৰী সম্পাদক সমৰ বাৰিক, কোষাধ্যক্ষ শুভ্ৰদীপ বৰদলৈ, সদস্য ভাস্কৰ কলিতা,যোৰহাট সাহিত্য সভাৰ প্রকাশন সমিতিৰ সদস্যা ঊষা বৰা,ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ সঞ্জীৱ শইকীয়া , লক্ষীমি বৰঠাকুৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।প্রতিযোগিতাখন ‘ক’ শাখাত অংকুৰ শ্রেণীৰ পৰা দ্বিতীয় শ্রেণীলৈ, ‘খ’ শাখা তৃতীয় শ্রেণীৰপৰা সপ্তম শ্রেণীলৈ দুটা শাখাত অনুষ্ঠিত হয় । ক শাখাত প্রথম জোনাকী সংঘ বিদ্যালয়ৰ প্রত্যুষ প্রীতম বৰপূজাৰী, দ্বিতীয় স্বৰা সায়ন্তিনী বৰা, তৃতীয় ৰিয়াশ্রী বেজবৰুৱা । খ’ শাখাত প্রথম নিৰংকুশ বৰা, দ্বিতীয় প্রিয়াংশু পল্লৱ কৌশিক আৰু অর্চিতা বৰাই তৃতীয় স্থান লাভ কৰে । অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক প্রতাপ চন্দ্র বৰুৱাই উদ্বোধন কৰা অনুষ্ঠানত প্ৰয়াত প্রেমদা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অপৰ্ণ কৰে গণেশ শইকীয়াই । প্রতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী প্রতিযোগীক এখন সাধু কথাৰ পুথি আৰু মানপত্র প্ৰদান কৰা অনুষ্ঠানটোৰ আঁত ধৰে যোৰহাট সাহিত্য সভাৰ সম্পাদক অজন্ত কুমাৰ বৰাই । সভাৰ প্রাৰম্ভতে গুৱাহাটীৰ বিশিষ্ট শিল্পী ঋষিৰাজ শৰ্মা আৰু বনগীতৰ বিশিষ্ট শিল্পী নিত্যেন বেজবৰুৱাৰ মৃত্যুত শোক প্রকাশ কৰা হয় ।
নবজ্যোতি তামুলী, চিনামৰা