নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত বর্ণাঢ়্য কার্যসূচীৰে অসম মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ যোৰহাটৰ অন্যতম সামাজিক–সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘ইণ্টেনডেম’ৰ উদ্যোগত যোৱা ১৬ জানুৱাৰীৰ পৰা যোৰহাট জিলা ক্রীডা সন্থাৰ খেলপথাৰত পোন্ধৰদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত হৈ আছে ‘সপ্তদশ অসম মহোৎসৱ’ ।

কালি দিনত ‘চুতীয়া ভাষা–সাহিত্য–সংস্কৃত্ ৰেঙনি’ শীর্ষক এক ব্যতিক্রমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ এই অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সহঃ সম্পাদক ৰাজ বাঢ়ৈ বৰা চুতীয়াই বন্তি প্রজ্বলন আৰু বিশিষ্ট লোকশিল্পী যোগেন নেওগৰ গুৰুবাদ্য পৰিৱেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ‘চুতীয়া জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি আৰু ভাষাৰ বিকাশৰ ধাৰা’ শীর্ষক এখনি মনোজ্ঞ আলোচনা–চক্র অনুষ্ঠিত হয়৷

 এই অনুষ্ঠানতে যোৰহাট জিলাৰ তিতাবৰ, বৰহোলা, টীয়ক, মৰিয়নি, চুঙী, ৰাইদাংজুৰি, নগাবাট আদি বিভিন্ন প্রান্তৰ শিল্পী–সাহিত্যিক–সম, অর্থনীতিবিদ–গৱেষক্ কৃষক আদি সমাজ জীৱনৰ জনগোষ্ঠীটোৰ সর্বস্তৰৰ এশগৰাকী বিশিষ্ট ব্যক্তিক জনগোষ্ঠীটোৰ শতফুল পাগ, ফুলাম গামোচা আৰু প্রশস্তি পত্রৰে বিপুল সম্বর্ধনা জ্ঞাপন কৰে৷

You might also like