যোৰহাট জিলা পৰিবহন বিভাগৰ কাণ্ডঃ নতুন যান বাহন কিনাৰ এবছৰৰ পাছতো পোৱা নাই গাড়ী পঞ্জীয়ন প্ৰমাণ পত্ৰ
নতুন গাড়ী কিনাৰ তিনি মাহলৈকে কাৰ্যালয়ত হোৱা নাই গাড়ী পঞ্জীয়ন।
নিয়মীয়া বাৰ্তা, ৭ মে’: যোৰহাট জিলাৰ প্ৰতিটো ৰাজপথতে যেতিয়াই তেতিয়াই ফাণ্ড পাতি গাড়ীৰ নথি পত্ৰ চোৱা বাইক চালকৰ হেলমেটৰ নামত জধে মধে ফাইন কাটি ৰাইজক হাৰাশাস্তি কৰি অহা যোৰহাট জিলা পৰিবহণ বিভাগৰ কাৰ্যলয়ে বিগত এবছৰ ধৰি নতুন গাড়ী কিনাৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ দিব নোৱাৰাৰ লগতে নতুন গাড়ীৰ তিনি মাহলৈকে পঞ্জীয়ন নোহোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।পুৱাৰ পৰা নিশালৈকে ৰাজপথত সাধাৰণ ৰাইজৰ ওপৰত তাণ্ডৱ চলোৱা জিলা খনৰ এই সকল বিষয়া কৰ্মচাৰীৰ কাণ্ডকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত বহু কেইগৰাকী ভুক্ত ভুগিয়ে এই প্ৰতিবেদকক জানিব দিয়া মতে গাড়ী কিনা এবছৰ হৈ গল।
আজি পৰ্যন্ত পোৱা নাই গাড়ীৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ।জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় গলে এই সকল বিষয়াই কয় যে পঞ্জীয়ন প্ৰমাণ পত্ৰ আপোনাৰ ঘৰলৈ ডাক যুগে যাব বুলি কৈ বিষয়া সকলে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে।কিন্তু এবছৰ হৈ যোৱাৰ পাছতো পোৱা নাই গাড়ীৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ।আকৌ ৰাজপথলৈ কিবা কামত গাড়ী লৈ ওলাই আহিলে পঞ্জীয়ন প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰিলে তেওঁলোকক দিব লাগে ফাইন।যি ঘটনাকলৈ সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ।আনহাতে কেইগৰাকী মান ব্যক্তিয়ে জানিব দিয়া মতে গাড়ী কিনা তিনি মাহ হৈ গল আজিলৈকে কাৰ্যালয়ত গাড়ী খনৰ পঞ্জীয়ননকে হোৱা নাই।এনে অৱস্থাত গাড়ী পঞ্জীয়ন হব কেতিয়া প্ৰমাণ পত্ৰ পাম কেতিয়া।পঞ্জীয়ন নোহোৱা গাড়ী ৰাজপথত চলাব নোৱাৰি। পুলিচ এম ভি আইক দিব লাগে ফাইন।জিলা খনৰ এই সকল বিষয়া কৰ্মচাৰীয়ে কাৰ্যালয়ত কামৰ গুৰুত্ব নিদি ৰাজপথত ফাইন কটাত ব্যস্ত থকাত ৰাইজে হাৰাশাস্তিৰ সন্মূখীন হব লগা হৈছে।যাকলৈ জিলা খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰেৰকঃ প্ৰণৱজ্যোতি কলিতা, তিতাবৰ