নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত খাদ্যৰ অভাৱঃ তিনি সন্তানৰ পিতৃৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰী কোচপাৰা গাঁৱত এজন লোকে চিপ লৈ আত্মহত্যা কৰে । জানিব পৰা মতে, দিন মজুৰি কৰি খাটিখোৱা আমবাৰী কোচপাৰা গাঁৱৰ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ প্ৰয়াত দীনেশ বৰ্মনৰ পুত্ৰ গোপাল বৰ্মনে (৩৫) লকডাউন চলি থকা দিনৰ পৰা সমস্যাত পৰিছিল । পৰিয়ালত খাবলৈ একো নাছিল বিগত দুদিন ধৰি । ইয়াকে লৈ তিনি সন্তানৰ পিতৃ গোপাল বৰ্মনৰ ঘৈণীয়েকৰ সৈতে শুকুৰবাৰে সন্ধিয়া কাজিয়াৰ সৃষ্টি হয় । ইয়াৰ পাছতে ঘৈণীয়েকে ঘৰৰ পৰা ওলাই ওচৰৰ আত্মীয়ৰ ঘৰলৈ যায় । ইফালে, গোপাল বৰ্মনেও ঘৰৰ পৰা ওলাই যায় । নিশা প্ৰায় ১১ বজালৈ বৰ্মন ঘৰলৈ ঘূৰি নহাত তিনি সন্তান চিন্তিত হৈ কাষৰ আত্মীয়ক জনায় । ৰাইজে নিশা বিচাৰ-খোচাৰ কৰে যদিও একো শুংসূত্ৰ নাপায় । শনিবাৰে পুৱা ঘৰৰ পিছফালৰ বাঁহনিৰ মাজত থকা এজোপা গছত বৰ্মনক চিপ লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি আগিয়া আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়ে মৃতদেহটো ।

You might also like