লকডাউন অমান্য কৰি যোগীঘোপাৰ পৰা অব্যাহত বহিঃৰাজ্যলৈ অবৈধ কয়লাৰ সৰবৰাহ
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: লকডাউনৰ নীতি–নির্দেশনাক অমান্য কৰি একাংশ অসাধু লোকে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা অব্যাহত ৰাখিছে কয়লাৰ সৰবৰাহ৷ অৱশেষত একাংশ সচেতন লোকৰ তৎপৰতাত শনিবাৰে এখন কয়লাভর্তি ড্রাক উত্তৰ শালমাৰা আৰক্ষীয়ে জব্দ কৰে৷ ‘ই–পাছ’ অবিহনে যোগীঘোপাৰ পৰা বিহাৰ অভিমুখে গৈ আছিল ডব্লিউ বি–৬৭ এ–৪৭৬৪ নম্বৰৰ কয়লাভর্তি ড্রাকখন৷
জানিব পৰা মতে, যোগীঘোপাৰ কয়লাৰ ভুৱা জি এছ টি চালানৰ ব্যৱসায়ৰ অন্যতম খলনায়ক আব্দুল কাদেৰ নুৰ ড্রেডার্ছ নামৰ প্রতিষ্ঠানটোৰ জৰিয়তে বিহাৰলৈ প্রেৰণ কৰা হৈছিল কয়লাখিনি৷ প্রাপ্ত তথ্য অনুসৰি, নুৰ ক’ল ড্রেডার্ছ নামৰ প্রতিষ্ঠানটোৱে কালি জিলা প্রশাসনক কোকৰাঝাৰ জিলাৰ শ্রীৰামপুৰলৈ কয়লা প্রেৰণ কৰিবলৈ উল্লিখিত নম্বৰৰ ড্রাকখনৰ বিপৰীতে ‘ই–পাছ’ৰ বাবে আবেদন জনাইছিল৷ কিন্তু জিলা প্রশাসনৰ পৰা ‘ই–পাছ’ লাভ নকৰাকৈয়ে আবেদনৰ পিছদিনাই চতুৰ ব্যৱসায়ী কাদেৰে বিহাৰলৈ কয়লা প্রেৰণ কৰে৷
অভিযোগ মতে, কয়লা মাফিয়া আব্দুল কাদেৰে নুৰ ক’ল ড্রেডার্ছৰ জৰিয়তে ভুৱা জি এছ টি চালানসহ প্রতিদিনে এনেদৰে বহিঃৰাজ্যলৈ কয়লা প্রেৰণ কৰে৷ তেওঁৰ হেনো আৰক্ষীৰ ওপৰ মহলৰ সৈতে দীর্ঘদিনীয়া এক সু–সম্পর্ক আছে৷ যাৰ সুবাদতে ব্যৱসায়ী কাদেৰে যোগীঘোপাত কয়লাৰ অবৈধ ব্যৱসায়ৰ বিশাল সাম্রাজ্য গঢ়ি তুলিবলৈ সমর্থ হৈছে৷
ইপিনে, প্রশাসনৰ অনুমতি অবিহনে অবৈধভাৱে কয়লা প্রেৰণ কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত নিয়ম–নীতি–বহির্ভূত্ কোনোধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাকৈ বৃহৎসংখ্যক কয়লা শ্রমিকক কয়লাৰ ড্রাক লোডিঙৰ কামত ব্যৱহাৰ কৰা ঘটনা সন্দর্ভত কয়লা মাফিয়া আব্দুল কাদেৰৰ বিৰুদ্ধে স্থানীয় সচেতন যুৱক মেহতাব হুছেইনে আজি যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছে৷
উল্লেখ্য যে ২৩ এপ্রিলৰ নিশাও যোগীঘোপাৰ স্থানীয় একাংশ সচেতন যুৱকে গোপনে কয়লাৰ ড্রাক লোডিং কৰি থকা অৱস্থাত এখন ড্রাক হাতে–লোটে ধৰি যোগীঘোপা আৰক্ষীৰ লগতে জিলাখনৰ আৰক্ষীৰ ঊর্ধ্বতন বিষয়াক অৱগত কৰে যদিও আৰক্ষীয়ে ওলোটাই কয়লা প্রেৰণৰ অনুমতি থকাৰ কথা ব্যক্ত কৰি এই সন্দর্ভত কোনো ব্যৱস্থাই গ্রহণ নকৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ আৰক্ষীৰ এনে স্থিতিক লৈ সচেতন মহলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
শনিবাৰেও পুৱাৰ ভাগত স্থানীয় একাংশ সচেতন যুৱকে যোগীঘোপাৰ এটা কয়লা ডিপোত উপস্থিত হৈ অবৈধভাৱে কয়লা ড্রাকৰ লোডিং কার্য বন্ধ কৰি দিয়ে৷ আনহাতে কয়লাৰ অবৈধ সৰবৰাহৰ সমান্তৰালভাৱে বর্তমানেও যোগীঘোপাত অব্যাহত থকা ভুৱা জি এছ টি চালানৰ বৃহৎ ছিণ্ডিকেটৰ বিৰুদ্ধে উচ্চ পর্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বিশেষভাৱে দাবী জনাইছে স্থানীয় সচেতন মহলে৷