লখিমপুৰত তীব্র বেগী বাহনৰ চালকৰ বাবে দুঃখবৰঃ পৰিবহণ বিভাগৰ ইন্টাৰচেপ্টৰ বাহনৰ শেন চকু ৰাষ্ট্ৰীয় ঘাইপথত
নিয়মীয়া বাৰ্তা, ২৬জুলাই: লখিমপুৰ ৰ ৰাজপথত তীব্র বেগী বাহন চালকৰ বাবে দুঃখবৰ।জিলা পৰিবহণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাইছে ইন্টাৰচেপ্টৰ বাহন। প্ৰয়োজনত অথবা অপ্রয়োজনত তীব্র বেগে বাহন চলালেই এই ইন্টাৰচেপ্টৰ বাহনৰ স্পীড গানে নিৰ্নয় কৰিব তীব্র বেগী বাহনৰ নম্বৰ। লগে লগেগৰাকীয়ে পাব জৰিমনাৰ নিৰ্দেশ। গধুৰ বাহনৰ ক্ষেত্র ত চাৰি হেজাৰ আৰু লঘু বাহনৰ ক্ষেত্রত দুহেজাৰ টকা জৰিমনা ভৰাটো বাধ্যতামূলক। যোৱা ৫ জুলাই ৰ পৰা জিলাখনত এই ব্যৱস্থা জিলা খনত কাৰ্যকৰী কৰা হৈছে। নিতৌ ২০ ৰ পৰা ৩০ খন তীব্র বেগী বাহনে এনেদৰে ইন্টাৰচেপ্টৰ বাহনৰ নিৰ্নয়াত্মক স্পীড গানৰ শেন চকুত পৰি জৰিমনা ভৰিব লগীয়া হৈছে। জিলা পৰিবহণ বিভাগৰ বিষয়াই এই ক্ষেত্র ত সকলো ৰে সহযোগিতা কামনা কৰাৰ লগতে বাহনৰ গতি নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনাইছে।