লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডত গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ১০ মেঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত অহা ১১ মে ৰ পৰা আৰম্ভ হব গুণোৎসৱৰ প্ৰক্ৰিয়া।যিহেতু প্ৰথম পৰ্যায়ত নগাঁও জিলাত আৰম্ভ হব গুণোৎসৱ ৷ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে নগাঁও জিলাৰ লাওখোৱা শিক্ষাখণ্ড মিচনৰ কাৰ্যালয়। বিগত গুণোৎসৱত নগাঁও জিলাৰ লাওখোৱা শিক্ষাখণ্ডই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।এইবাৰ প্ৰথম স্থান দখল কৰিবলৈ সম্পূৰ্ণ প্রস্তুতি চলাই গৈছে ২৭০ খন বিদ্যালয়ে। তিনিটা পৰ্যায়ত তিনি দিনত বিদ্যালয় সমূহত পালন কৰা হব গুণোৎসৱ৷ ১০০জনৰো অধিক নিৰীক্ষকে পৰ্যবেক্ষণ কৰিব বিদ্যালয় সমূহত। পূৰ্বতকৈ অধিক ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ আশাৰে প্ৰস্তুত লাওখোৱা শিক্ষাখণ্ড বিষয়া গ্ৰন্তম শইকীয়াৰ লগতে বিদ্যালয়ৰ শিক্ষক সকল।