নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিঙত ৰেলৰ পৰা কেইবা লাখ টকাৰ গাঞ্জা আৰু বাৰ্মিজ চুপাৰী জব্দ

নিয়মীয়াবাৰ্তা,৯ মে’: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বৰ তুলনাত সক্ৰিয়হৈ পৰিছে যদিও  ন ন কৌশলৰে অপৰাধীয়ে এনেধৰণৰ সামগ্ৰীৰ সৰবৰাহ কৰি আছে। অবৈধ তথা নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীয়ে ৰেলৰ জৰিয়তে সামগ্ৰী সমূহ সৰবৰাহ কৰি আহিছে।হোজাই জিলাৰ লামডিঙত ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা আৰু সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে। ১৩১৭৪ নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চণজঙ্ঘা এস্কপ্ৰেছ ৰেলৰ পৰা এই নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰে। লামডিং ৰেল আৰক্ষীয়ে গোপন সুত্ৰৰ ভিক্তিত ৰেলখনত তালাচি চলাই ৰেলখনৰ ডব্লিউ আৰ ১-3৮৩৬৮ নম্বৰৰ এটি পাৰ্চেল ডবাৰ সামগ্ৰীখিনি জব্দ কৰে  ৷  ৰেল আৰক্ষীয়ে ৰেলখনৰ পৰা ৬ টা পেকেটত মুঠ ৭৮ কেজি গাঞ্জা আৰু ৮৪ টা বস্তাত মুঠ ৬৭২০ কেজি সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰিছে৷ ৰেল আৰক্ষীৰ মতে চুপাৰীখিনৰ বজাৰমূল্য ৩১ লাখ ৯০ হাজাৰ আৰু গাঞ্জাখিনৰ মূল্য ৭ লাখ ৮০ হাজাৰমান হ’ব বুলি জানিব দিছে ৷
এই সামগ্ৰীখিনি আগৰতলাৰ পৰা শিয়ালদহলৈ বুকিং কৰি লৈ যোৱাৰ পথতে আৰক্ষীয়ে লামডিঙত জব্দ কৰে ৷এই ঘটনা সন্দৰ্ভত ৰেলৱে বিষয়া কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ৰেল আৰক্ষীৰ ৷উল্লেখযোগ্য যে  ১৩১৭৪ নম্বৰৰ নামনিমুৱা আগৰতলা শিয়ালদহ কাঞ্চণজঙ্ঘা এস্কপ্ৰেছত প্ৰতিদিনে  নিষিদ্ধ সামগ্ৰী সৰবৰাহ হৈ আছে ৷ এই ক্ষেত্ৰত ৰেলখনত থকা ৰেলৱে কৰ্মচাৰীসকলৰ ওপৰতো সন্দেহৰ আঙুলি উঠাইছে সচেতন মহলে ৷
You might also like