নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱাল–তামাৰহাট বকোত শিশুসহ ৫জনৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ৭ জুলাই:   ৰাজ্যত শেহতীয়াকৈ বান পৰিস্থিতি তুলনামূলকভাৱে উন্নত হৈছে যদিও এতিয়াও জলমগ্ণ হৈ আছে বহু অঞ্চল৷ বানৰ সংহাৰ লীলাৰ পৰিপ্রেক্ষিতত নিজ ঘৰৰ পৰা আঁতৰি থাকি হাজাৰ হাজাৰ লোক ককবকাই থাকিবলগীয়া হৈছে৷ সমান্তৰালভাৱে বিনষ্ট হৈছে বিস্তীর্ণ এলেকাৰ কৃষিভূমি৷ ইয়াৰ মাজতে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্রান্তত শিশুসহ পাঁচজনকৈ লোকৰ সলিল সমাধি ঘটাৰ বাতৰি পোৱা গৈছে৷

ডিব্রুগড় জিলাৰ লাহোৱাল বিধানসভাৰ সমষ্টিৰ অন্তর্গত ঘোঁৰামৰা আৰক্ষী চকীৰ অধীনৰ ৰংপুৰীয়া গাঁৱত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, ছাগলীকটা গাঁৱৰ ৰাজা বৰুৱাৰ সন্তান ৰিতুৰাজ বৰুৱা (১৬) নামৰ কিশোৰজনে ঘোঁৰামৰা মডেল স্কুলৰ সমীপৰ এটা পুখুৰীত কেইজনমান বন্ধুৰ সৈতে সাঁতুৰি থকা অৱস্থাত পুখুৰীটোৰ অতি গভীৰ অংশত ডুব যায়৷ ডুব যোৱাৰ পাছতে স্থানীয় ৰাইজৰ তৎপৰতাত কিশোৰজনক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

You might also like