লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী
প্ৰথম কাৰ্য্যসূচীত ৩৩ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: লাহোৱাল মহাবিদ্যালয়ত আজি ৩৩ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়৷ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ সাহিত্য চ’ৰাৰ উদ্যোগত আন্তঃশ্ৰেণী আৰু আন্তঃবিভাগৰ মাজত প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ এক বৌদ্ধিক পৰিৱেশৰ মাজত আৰম্ভণিতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ দত্তই বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত বিচাৰক সকলক আদৰণি জনাই প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে৷ বিশিষ্ট গল্পকাৰ গৈৰিকা বৰুৱা আহমেদে প্ৰথমখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা পাছতেই ক্ৰমান্বয়ে অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ দত্ত, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জেহিউদ্দিন আহমেদ, কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক বিৰাজ দত্ত, আমাৰ অসম কাকতৰ সংবাদদাতা বিজন্ত গগৈ, আমন্ত্ৰিত বিচাৰক হিচাপে উপস্থিত থকা ডিব্ৰুগড় হনুমানবক্স সুৰজম’ল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ মৃদুল শৰ্মা, মৰাণ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ নিৰোদ গোহাঁই, ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা স্মৃতিৰেখা চেতিয়া সন্দিকৈৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে একোখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে৷ তাৰ পিছতেই বিচাৰক ড০ মৃদুল শৰ্মাই প্ৰাচীৰ পত্ৰিকা সম্পাদনা কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কিছু প্ৰাসংগিক মন্তব্য প্ৰকাশ কৰে৷ লগতে তেখেতে কয় যে প্ৰাচীৰ পত্ৰিকা সমূহত প্ৰকাশ পোৱা চুটি গল্প বা চমু টোকা বা লেখা সমূহ বৰ্তমান সময়ৰ সামাজিক পৰিৱেশৰ লগত মিল থকা হ’ব লাগে বুলি কোৱা লগতে প্ৰাচীৰ পত্ৰিকা সমূহ অধিক ৰং তুলিকাৰে সজোৱাতকৈ ভালদৰে সামৰি টেবুলত ৰাখি থব পৰা হ’ব লাগে৷ তেখেতে কয় যে এনেদৰে একেলগে ৩৩ খন প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি উলিওৱাটো এটা প্ৰশংসনীয় পদক্ষেপ। এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, সাহিত্যিক আৰু প্ৰতিভা সৃষ্টিত উদ্গণি জনায়৷ প্ৰাচীৰ পত্ৰিকা প্ৰথম নিৰ্বাচন কৰা হয় “পোহৰ”, দ্বিতীয় “যুগান্তৰ” তৃতীয় “ইৰীণী” আৰু উদ্গণিমুলক স্হান লাভ কৰে “এনাজৰী” নামৰ প্ৰাচীৰ পত্ৰিকাখনে৷ প্ৰথম স্হানপ্ৰাপ্তক মানপত্ৰসহ ৫,০০০/- টকা, দ্বিতীয় ৩,০০০/- টকা, তৃতীয় ২,০০০/- টকা আৰু উদ্গণিমুলকভাৱে বাচনি কৰা “এনাজৰী” প্ৰাচীৰ পত্ৰিকাৰ সম্পাদনা সমিতিলৈ মানপত্ৰসহ ১,০০০/- টকা পুৰষ্কাৰ প্ৰদান কৰা হয়৷ বাকী ২৯ খন প্ৰাচীৰ পত্ৰিকা সম্পাদনা সমিতিলৈ মানপত্ৰসহ ৫০০/- টকাকৈ পুৰষ্কাৰ প্ৰদান কৰা হয়৷ বঁটা বিতৰণী সভাখন পৰিচালনা কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জেহিউদ্দিন আহমেদে৷