লাহৰীঘাট আৰক্ষীৰ থানা পৰিদৰ্শন নৱনিযুক্ত আৰক্ষীৰ অধীক্ষক হেমন্ত কুমাৰ দাসৰ
::ব্ৰিট্ৰিছৰ আমোলত স্থাপিত থানাৰ মেৰামতি ও সংৰক্ষণৰ আশ্বাস প্ৰদান আৰক্ষীৰ অধীক্ষকৰ
নিয়মীয়া বাৰ্তা, ২৪অক্টোৱৰ:: মৰিগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক ৰূপে কাৰ্যনিবাহক কৰা আইপিএছ বিষয়া অৰ্পনা নটৰাজন কিছু দিন পুৰ্বে বদলি হোৱা পাছতে জিলা অধীক্ষক ৰূপে দ্ধায়িত্ব গ্ৰহন কৰে এপিএছ বিষয়া হেমন্ত কুমাৰ দাসে। হেমন্ত কুমাৰ দাসে মৰিগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক ৰূপে দ্বায়িত্ব গ্ৰহন কৰা পিছতেই জিলাৰ খনৰ বিভিন্ন আৰক্ষী থানা,পহৰাচকী সমূহত গৈ পৰিদৰ্শন কৰে।ঠিক এনে সময়তেই আজি মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ থানাত দুপৰীয়া ভাগত উপস্থিত হয় অধীক্ষক গৰাকী।আৰক্ষী অধীক্ষক গৰাকীয়ে থানা খনৰ চৌপাশ পৰিদৰ্শন কৰে ।লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া আমিৰ হুছেইনে জিলাৰ অধীক্ষক গৰাকীক থানা খনত ভুগি থকা বিভিন্ন অভাৱ অভিযোগৰ কথা অৱগত কৰায় ।স্মৰ্তব্যযে ১৯২৭ চনতে লাহৰীঘাটত ব্ৰিট্ৰিছ আমোলৰ দিনতে স্থাপিত হোৱা থানা খনৰ আৱাসগৃহটি বৰ্তমান সময়ত জহি খহি যাৱ ধৰিছে।বিশেষকৈ থানাৰ টিনপাত সমূহ মামৰে ধৰাত বৰষুণ দিলেই পানি পৰে,লগতে বাসগৃহটি কিছু অংশ বৰ্তমান বহুবছৰীয়া হোৱা বাবে নষ্ট হোৱা দিশে উপক্ৰম হৈছে ।এই ব্ৰিট্ৰিছ আমোলাৰ দিনতে স্থাপন হোৱা থানা খন সংৰক্ষণৰ দিশত গুৰুত্ব আৰোপ কৰিবলৈ বৰ্তমান ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া আমিৰ হুছেইনে আৰক্ষী অধীক্ষক গৰাকীক অনুৰোধ জনায় ।আৰক্ষীৰ অধীক্ষক গৰাকী সৈতে হোৱা মতবিনিময়ত আমিৰ হুছেইনে লগতে কয়– বৰ্তমান থানা খনত ষ্টাৰ্ফ কম হোৱা বাবে থানাৰ খনৰ বিভিন্ন কাম কাজৰ দিশত কিছু অসুবিধা সন্মুখীন হৈছে ।ষ্টাফৰ অভাৱ দূৰ কৰা আশ্বাস প্ৰদান কৰে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ।আৰক্ষী অধীক্ষক গৰাকীয়ে আজি থানা খনত উপস্থিত হৈ থানা খনত থকা আৰক্ষী জোৱান সকলৰ কোৱাৰ্টাৰ সমূহ পৰিৰ্দশন কৰে ।সৰহ সংখ্যক কোৱাৰ্টাৰ বহু বছৰ গৰকি যোৱা হেতুকে বৰ্তমান ঘৰ সমূহ নষ্ট হোৱা লগতে টিন পাত ফুটি যোৱাত বৰষুণ দিলেই অসুবিধা সন্মুখীন হয় ।এই সকলো সমূহ অসুবিধাৰ মোকাবিলা কৰিবলৈ আৰক্ষীৰ অধীক্ষক গৰাকীয়ে অতিশ্ৰীঘ্ৰে বাসগৃহ সমূহ মেৰামতি কৰা আশ্বাস প্ৰদান কৰে ।বৃহত্তৰ লাহৰীঘাট অঞ্চলটোত দিনক দিনে বৃদ্ধি পাই অহা মাদক দ্ৰব্য ড্ৰাগছ,ভাং,নিচাজাতীয়ৰ সামগ্ৰী লগতে জুৱাৰ,তীৰৰ আদি সমাজ বিৰোধী কাৰ্যকলাপ নিৰ্মূলৰ বাবে সচেতন ৰাইজে স্বতঃস্ফুত ভাৱে আৰক্ষীক সহায় সহযোগ আগবঢ়াৱলৈ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস সহ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনে আহহ্বান জনাই ।মত বিনিময়ৰ সময়তেই আৰক্ষীৰ অধীক্ষক গৰাকীক থানাৰ ফালৰ পৰা ফুলাম গামোছাৰে আদৰণি জনাই।সমান্তৰালকৈ থানাৰ পৰিদৰ্শনৰ সময়তেই মৰিগাঁও জিলাৰ আৰক্ষীক গৰাকীক লাহৰীঘাট আঞ্চলিক আমছুৰ এটি দলেও গামোছাৰে আদৰণি জনায় ।লাহৰীঘাট অঞ্চলত অব্যাহত থকা অনৈতিক কাৰ্যকলাপ সমূহ কঠোৰ হাতেৰে দমন কৰা লগতে বৃহত্তৰ অঞ্চলটোক যাতে এক সুন্দৰ সামাজিক বাতাবৰণ কঢ়িয়াই আনি সকলো দিশত আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্ঠা অব্যাহত ৰাখিব বুলি সাংবাদিকৰে হোৱা মতবিনিময়ত ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া আমিৰ হুছেইনে প্ৰকাশ কৰে ।