শংকৰদেৱৰ জন্মোৎসৱ চৰকাৰীভাৱে উদ্যাপন কৰিব ৰাজ্য চৰকাৰে
নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ সোমবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রতিনিধি দলৰ এক বৈঠক অনুষ্ঠিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী সোণোৱালে শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পোনপ্রথমবাৰৰ বাবে চৰকাৰীভাৱে উদ্যাপন কৰা হ’ব বুলি জনায়৷
শ্রীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীৰ দিনটোক ৰাষ্ট্রীয় বন্ধ হিচাপে ঘোষণা কৰা আৰু এন চি আৰ টি পাঠ্যক্রমত শংকৰদেৱ সম্পর্কীয় পাঠ অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে কেন্দ্রীয় চৰকাৰলৈ পত্র প্রেৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে নগাঁও জিলাত অতিৰিক্ত ৩৫০ বিঘা ভূমিৰ ব্যৱস্থা কৰিবলৈ নগাঁও জিলাৰ উপায়ুক্তক মুখ্যমন্ত্রীয়ে বৈঠকতে নির্দেশ দিয়ে৷ বৈঠকত শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রতিনিধিসকলে মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰে যে সংঘই ৫৬খন বিদ্যালয় আৰু ৪খন মহাবিদ্যালয় নিজা পুঁজিৰে পৰিচালিত কৰি আহিছে৷ এইক্ষেত্রত সংঘৰ প্রতিনিধিসকলে চৰকাৰী অনুদান আগবঢ়াবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্রী সোণোৱালে এইক্ষেত্রত শিক্ষা বিভাগক আর্থিক সাহায্য প্রদানৰ বাবে যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সংঘৰ প্রতিনিধিসকলে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৰাজহুৱা আৰু বেচৰকাৰী অংশীদাৰিত্বৰে পৰিচালিত কৰিবলৈও অনুৰোধ জনায়৷
আনহাতে, শ্রীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ বাবে উপ–ৰাষ্ট্রপতিক আমন্ত্রণ কৰিবলৈ সংঘই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰৰ সহযোগিতা বিচাৰে৷ মুখ্যমন্ত্রীয়ে উপ–ৰাষ্ট্রপতিক আমন্ত্রণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলিও কয়৷ প্রতিনিধিসকলে লগতে সংঘৰ বাবে এক কর্পাছ ফাণ্ডৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়৷ মুখ্যমন্ত্রী সোণোৱালে এইক্ষেত্রতো ইতিবাচক পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে৷ তেওঁ আগতে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাৰ উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷
আনহাতে, বটদ্রৱালৈ যোৱা পথটো বহল কৰাৰ বাবেও গড়কাপ্ঢানী বিভাগক নির্দেশ দিয়া হৈছে৷ এই কাম সম্পূর্ণ হৈ উঠিলে বিশ্ববিদ্যালয়লৈ যাতায়াত ব্যৱস্থাও সুচলতৰ হৈ উঠিব৷ উল্লেখ্য যে আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, মুখ্যমন্ত্রীৰ সচিব ৰঞ্জন চক্রৱর্তী, শ্রীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্র নাথ ডেকা, পদাধিকাৰ কমলাকান্ত গগৈ, উপ–পদাধিকাৰ বসুন্ধৰ ডেকা, যুটীয়া সম্পাদক কুশল ঠাকুৰীয়া উপস্থিত থাকে৷