শিমলীতোলাত মহাত্মা গান্ধী একাডেমীৰ শুভ উদ্বোধন
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলাত নতুনকৈ মহাত্মা গান্ধী একাডেমী নামাকৰণেৰে শিক্ষানুষ্ঠান এখনৰ শুভ উদ্বোধন কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা অঞ্চলটোত এক শৈক্ষিক জাগৰণ অনাৰ লক্ষেৰে অঞ্চলটোৰ বিদ্বৎ সমাজে এই শিক্ষানুষ্ঠানখন স্থাপন কৰা বুলি জানিব পৰা গৈছে। উক্ত একাডেমীত সদ্যহতে অংকুৰৰ পৰা নৱম মানলৈ পাঠদান কৰা হ’ব বুলিও জানিব পৰা গৈছে।
আজি স্থানীয় জে এন হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে ৰঙা ফিটা কাটি আনুষ্ঠানিক ভাবে শিক্ষানুষ্ঠানখন উন্মোচনৰ পাছতেই অনুষ্ঠিত মুকলি সভাত পৌৰহিত্য কৰে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতি ও নৱাগত শিমলীতোলা বজাৰ পৰিচালনা সমিতিৰ সভাপতি আলতাফ হুছেইনে । সভাত ক্ৰমে- বাঘমাৰা চৰ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ছোলেমান আলী আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইমান আলী, শিমলিতোলা জামে মছজিদৰ ইমাম নুৰ হুছেইন,বিশিষ্ট সমাজ সমাজকৰ্মী স্বাজাহান আলী, বিদ্যালয় পৰিচালনা সমিতিৰ উপ: সভাপতি স্বাহ আলম ৰাব্বানী,সহ সম্পাদক মতিউৰ ৰহমান, বিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ৰমজান আলী খান, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ৰেজাউল কৰিম, আ:লতিফ, আ:বাক্কাৰ, আ:ৰশিদ,
আজিমুদ্দিন, ইউনুচ আলী, জাফৰ আলী আহমেদ, আব্দুল মান্নান, মহম্মদ আলী, মোছলেম উদ্দিনকে আদি কৰি অঞ্চলটোৰ গণ্য-মান্য ব্যক্তিসকলৰ উপৰি শিক্ষাৰ্থী আৰু ভালেসংখ্যক অভিভাৱকো উপস্থিত থাকে।