শিল্পী পেঞ্চনাৰ পৰা বঞ্চিত ৰঙিয়াৰ পেৰডী গায়ক গৌৰাংগ দাস
নিয়মীয়া বাৰ্তা , ২৮ নবেম্বৰ: আশী আৰু নব্বৈ দশকৰ জনপ্ৰিয় পেৰডী কণ্ঠশিল্পী ৰঙিয়াৰ গৌৰাংগ দাসৰ দুৰৱস্থা । শিল্পী পেঞ্চনৰ পৰা বঞ্চিত এই গৰাকী ৭০ বছৰীয়া শিল্পী । আশী আৰু নব্বৈ দশকত গৌৰাংগই মঞ্চত পেৰডী গীত গাই দৰ্শকৰ বিপুল সমাদাৰ লাভ কৰিছিল ।
শেহতীয়াভাৱে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকলৈও এটি পেৰডী গীত গাইছে । এই গৰাকী অবিবাহিত শিল্পীয়ে বৰ্তমান সময়ত আৰ্থিক সংকটৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগা হৈছে । আনহাতে ৭০ দশকত গুৱাহাটীৰ জিলা পুথিভঁৰালত মঞ্চ নাটকত কৌতুক শিল্পী ৰূপে অভিনয় কৰি এই গৰাকীয়ে শিল্পীয়ে শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল । পিছলৈ গৌৰাংগই পেৰডী গায়ক হিচাপে জনপ্ৰিয় হৈ পৰে । গৌৰাংগ নাথে সেই সময়ত কলিকতাত গৈ কেইবাটাও পেৰডী গীত বানিবদ্ধ কৰিছিল । ইয়াৰ ভিতৰত হৈছে শেৱালি, হৰিবল হৰি, সোপাধৰা, ভিটামিন চি আদিৰ লগতে শেহতীয়াকৈ হিমন্তৰ হিম্মৎ আছে । শিল্পী গৰাকীয়ে মূলতঃ পেৰডী গীতৰ জৰিয়তে সামাজিক ব্যাধিকলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল । কিন্তু পৰিতাপৰ বিষয় যে যে দাসে শিল্পী পেঞ্চনৰ পৰা বৰ্তমানলৈকৈ বঞ্চিত হৈ আছে ।
প্ৰেৰক: ফাৰুক হুছেইন , ৰঙিয়া