নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী, লোক–সংস্কৃতিৰ সাধক–ভ্রাম্যমাণৰ অভিনেতালৈ অর্থসাহায্য

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে   ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত শিল্পী আৰু কলা–কুশলীলৈ সাহায্য আঁচনিৰ অধীনত বিত্তীয় সাহায্য প্রদান কৰে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত অনুষ্ঠানটোত তেওঁ চৰকাৰী চাৰুকলা মহাবিদ্যালয়, অসম আৰু কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ নৱনিযুক্ত প্রবক্তাসকলক আনুষ্ঠানিকভাৱে নিযুক্তি–পত্র প্রদান কৰে৷ উল্লেখ্য যে শিল্পী সম্বর্ধনা আঁচনিৰ অধীনত ৰাজ্যখনৰ ১,১৮৬গৰাকী শিল্পীলৈ ৫০ হাজাৰ টকাৰ বিত্তীয় অনুদান, ভ্রাম্যমাণৰ শিল্পী, কলা–কুশলী সাহায্য আঁচনিৰ অধীনত ৯৭৪গৰাকী ভ্রাম্যমাণৰ শিল্পী আৰু কলা–কুশলীক ৫০ হাজাৰ টকা আৰু ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ ফলত ক্ষতিগ্রস্ত হোৱা অসমৰ মুঠ পৰম্পৰাগত ১৬,৫৪৭গৰাকী শিল্পীক ৬ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হৈছে৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয়, ‘শিল্পীসকলে সমন্বয়ৰ সমাজ গঢ়াত মুখ্য ভূমিকা পালন কৰে৷ সেয়েহে এই শিল্পীসকলক উপযুক্ত মর্যাদা আৰু সন্মান প্রদানৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা গুৰুত্ব প্রদান কৰি আহিছে৷ আজি শিল্পীসকলক আর্থিক অনুদান প্রদানো ইয়াৰ এক অন্যতম অংশ৷ ৰাজ্য চৰকাৰে শিল্পীসকলৰ বাবে গ্রহণ কৰা এনেধৰণৰ আঁচনি এয়ে শেষ নহয়, ভৱিষ্যতেও এনেধৰণৰ আৰু অধিক আঁচনি ৰাজ্য চৰকাৰে গ্রহণ কৰিব৷’

এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে বিটিআৰৰ মুৰব্বী প্রমোদ বডোৱে কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ক প্রসিদ্ধ শিল্পী শোভা ব্রহ্মৰ নামেৰে নামকৰণ কৰাৰ বাবে ৰাজহুৱাভাৱে কৰা অনুৰোধৰ প্রতি ইতিবাচক সঁহাৰি জনাই এই মহাবিদ্যালয়খন এইগৰাকী বৰেণ্য শিল্পীৰ নামেৰে আজিৰে পৰা নামকৰণ কৰা হ’ল বুলি ঘোষণা কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই শিল্পীসকলক এটা জাতিৰ সত্তা আৰু স্বাভিমান বুলি উল্লেখ কৰি শিল্পীসকলে সমাজত সমন্বয় আৰু সম্প্রীতিৰ বার্তা প্রেৰণেৰে সমাজখনক নৈতিকভাৱে সবল কৰি তোলাৰ দিশত বৰঙণি যোগায় বুলি কয়৷

You might also like