শিৱসাগৰত বিহাৰৰ অসহায় নাৱালিকাক তিনি মাহ গৃহ বন্দী কৰি লম্পটৰ ধৰ্ষণ; অভিযুক্ত নেকিবুল আলিক গ্ৰেপ্তাৰ
- অসহায় নাৱালিকাৰ অভিযোগৰ ভিত্তিত লম্পট নেকিবুল আলিক গ্ৰেপ্তাৰ
- বিহাৰৰ পৰা চলনাৰে আনিছিল কিশোৰী গৰাকীক
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কণক নগৰত দীৰ্ঘদিন ধৰি এগৰাকী কিশোৰীক গৃহ বন্দী কৰি অকথ্য যৌন নিৰ্য্যাতন চলাই অহা এটা লম্পট অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল ৷তিনি মাহ ধৰি চহৰৰ মাজমজিয়াৰ এটা ভাৰাঘৰত বন্দী কৰি যৌন্য নিৰ্য্যাতন চলাই অহা দুৰ্ভগীয়া কিশোৰী গৰাকীয়ে উক্ত গৃহটোৰ পৰা পলায়ণ কৰি আৰক্ষীক অভিযোগ দাখিলৰ পিছতেই আৰক্ষীয়ে তৎপৰতাৰে লম্পটটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাই কালি নিশা অতি কৌশলেৰে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা লম্পটটোক কণক নগৰৰ অস্থায়ী নিৱাসী নেকিবুল আলি বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত বাতৰি মতে বিহাৰৰ নিৱাসী নেকিবুল আলিয়ে বিগত জুন মাহত বিহাৰৰ পৰা ৰেলেৰে অসমলৈ আহি থকাৰ সময়তেই বিহাৰৰ চাপ্ৰা জিলাৰ এটা ষ্টেচনত পৰিয়ালৰ পৰা বিচিন্ন হৈ পৰা কিশোৰী গৰাকীক লগ পাইছিল ৷পৰিয়ালৰ পৰা বিচিন্ন কিশোৰী গৰাকীক পৰিয়ালৰ সৈতে লগ লগাই দিয়াৰ প্ৰলোভন দি কিশোৰী গৰাকীৰ প্ৰকৃত ঠিকনাৰ পৰিৱৰ্তে নেকিবুলে লৈ আহে শিৱসাগৰলৈ ৷ শিৱসাগৰৰ ষ্টেচন ছাৰিআলিৰ কণক নগৰস্থিত ভাড়া ঘৰত আশ্ৰয় দিয়াৰ নামত লম্পট নেকিবুলে অসহায় কিশোৰী গৰাকীৰ ওপৰত চলাইছিল অকৰ্থ্য যৌন নিৰ্য্যাতন ৷ ভাড়া ঘৰৰ কোঠাত বন্দীত্বৰ জীৱন পাৰ কৰা অসহায় কিশোৰী গৰাকীক মুখ খুলিলেই হত্যাৰ ভাবুকিৰে নিয়মিত চলাই আহিছিল উৎপীড়ন ৷
প্ৰায় তিনিমাহ ধৰি নেকিবুলৰ জঘন্য উৎপীড়ন সহ্য কৰি অহা অসহায় কিশোৰী গৰাকীয়ে কালি দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগ লাভ কৰি পলায়ণ কৰে ৷ইয়াৰ পিছতেই স্থানীয় ৰাইজক সুধি শিৱসাগৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনাৰ সৱিশেষ তথ্য লগে লগেই সদৰ আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি শিৱসাগৰ আদালতত সমগ্ৰ ঘটনাৰ সন্দৰ্ভদ জৱান বন্দী লিপিবদ্ধ কৰাই ৷ইফালে অসহায় কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত নিশা সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাই কনক নগৰৰ আন এটা স্থানত আত্মগোপন কৰি থকা অৱস্থাত নেকিবুলক আটক কৰিবলৈ সক্ষম হয় ৷আৰক্ষীৰ প্ৰাথমিক জেৰাত ধৃত নেকিবুলে এই জঘন্য ঘটনাৰ সন্দৰ্ভদ স্বীকাৰোক্তি প্ৰদাণ কৰাৰ লগতে আশ্ৰয় দিয়াৰ আচিলাৰে যৌন নিৰ্য্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে ৷আৰক্ষীয়ে অসহায় কিশোৰী গৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত ৩৩০/ ২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি ৩৭৬ ( ৩) ,আৰ, ডব্লিও চেকচন ৬ অৱ পচক এক্টৰ অধীনত নেকিবুলক আজি বিয়লি আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে আদালতৰ নিৰ্দেশ মৰ্মে কিশোৰী গৰাকীক স্থানীয় এখন আশ্ৰমলৈ প্ৰেৰণ কৰাপ লগতে কিশোৰী গৰাকীৰ পিতৃ মাতৃৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছে ৷