নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত স্বাস্থ্যমন্ত্রী: ১০০খন বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ সাজু কৰিবলৈ প্রশাসনক নির্দেশ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া শিৱসাগৰত উপস্থিত হয় স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ডিব্রুগড় জিলাৰ পৰা চৰাইদেউ হৈ শিৱসাগৰ জিলাত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রীগৰাকীয়্ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত কয়– শিৱসাগৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্রণাধীন৷ জিলাখনত সংক্রমণ প্রতিৰোধ আৰু আক্রান্তক চিনাক্তৰ বাবে টেষ্টিং প্রক্রিয়া আৰু অধিক ত্বৰান্বিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হৈছে৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কার্যালয় সংলগ্ণ চুকাফা ভৱনত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি মন্ত্রীগৰাকীয়ে শিৱসাগৰ চহৰৰ ৰাইজৰ সুবিধাৰ বাবে চাৰিটাকৈ ছোৱাব টেষ্টিং পইণ্ট স্থাপনৰ কথা উল্লেখ কৰে৷ তদুপৰি আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি শিৱসাগৰত আৰু এশখন ক’ভিড ৰোগীৰ বিছনা সাজু কৰিবলৈও আজি প্রশাসনক এই বৈঠকতে নির্দেশ দিয়ে৷

যোৰহাট জিলাৰ পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ থকাৰ পৰিপ্রেক্ষিতত জিলাখনৰ গাতে লাগি থকা শিৱসাগৰত যাতে ক’ৰোনা আক্রান্তৰ সংক্রমণ বৃদ্ধি নহয়, তাৰ বাবে ৰেপিড এণ্টিজেন টেষ্টিং পইণ্ট স্থাপনেৰে অধিক লোকৰ পৰীক্ষাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্য বিভাগকো পৰামর্শ দিয়ে৷ এই বৈঠকত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয়– ২২ জুলাইৰ পৰা জাৰি কৰা আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞাৰ ক্ষেত্রত প্রশাসন–আৰক্ষীক অধিক কঠোৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ অৱশ্যে ৰোগীসকলৰ ক্ষেত্রত চিকিৎসালয় অথবা চিকিৎসকে প্রদান কৰা ৰিলিজ পত্র লৈ তেওঁলোকে আন জিলাত প্রৱেশ কৰিব পাৰিব৷

আনহাতে, একে সময়তে যিকোনো সমাগম, ধর্মীয় কাম–কাজৰ ক্ষেত্রত পূর্বতে বাহাল থকা নির্দেশনা বর্তমানেও অব্যাহত থাকিব বুলি তেওঁ স্পষ্ট কৰে৷ আজি চুকাফা ভৱনত অনুষ্ঠিত বৈঠকত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, সাংসদ কামাখ্যাপ্রসাদ তাছা, ৰাজ্যিক মন্ত্রী যোগেন মহন, বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like