নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে পূৰণ হ’ব পশুপালনৰ বহু খালী পদঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ যোৱা ১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰ গোৱালপাৰা চহৰৰ নটসূর্য ফণী শর্মা ভৱনত অনুষ্ঠিত অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ ৩৩সংখ্যক দ্বি–বার্ষিক অধিৱেশনখনৰ  সোমবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰা৷ সভাত মন্ত্রী বৰাই কয়– আমি আয় বৃদ্ধি কৰিবলৈ হ’লে পশুপালনৰ দিশটো উন্নত কৰিব লাগিব৷ নতুনচামক উৎসাহিত কৰি পশুপালনৰ জৰিয়তে প্রতিষ্ঠিত কৰিব লাগিব৷ আমি কৰিবলগীয়া বহুত আছে বিভাগৰ বাবে৷ কেবিনেটৰ অনুমোদন পালে আমি শীঘ্রে আৰু পশু চিকিৎসকক নিযুক্তি দিম৷ মুখ্যমন্ত্রীৰ নির্দেশত আমি এই বিভাগটোক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছেছা৷ তাৰ বাবে নৱপ্রজন্মই বিশেষ ভূমিকা ল’ব লাগিব৷ আজিও এই বিভাগটোত তৃতীয় আৰু চতুর্থবর্গৰ বহু পদ খালী আছে আৰু শীঘ্রে এইপদসমূহ পূৰণৰ ব্যৱস্থা কৰিম৷

You might also like