নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোৱনি কোঠাত সোমালগৈ দ্ৰুতবেগী ডাম্পাৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। ৰাজপথত ডাম্পাৰে প্ৰাণ লৈছে বহু নিৰীহ লোকৰ। তেনে সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছে এটা ভয়াৱহ দুৰ্ঘটনা।নিশা ৰাজপথৰ পৰা গৈ শোৱনি কোঠাত সোমাল এখন ডাম্পাৰ।

                 ঘটনা অনুসৰি বাণীপুৰৰ ৰে’লৱে ষ্টেচন দিশৰ পৰা অহা এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বাণীপুৰৰ দিলীপ ডেকা নামৰ লোকজনৰ বাসগৃহত। তিনিটা কোঠা ভাঙি শোৱনি কোঠাত সোমালগৈ ডাম্পাৰখন। দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা দিলীপ ডেকা আৰু  পত্নী গীতাঞ্জলী ডেকাৰ। পুবতি নিশা শুই থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে পৰিয়ালটোক।

      এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰো ক্ষতিসাধন কৰে ডাম্পাৰখনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখনৰ চালকে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS06-BC-6586।

You might also like