নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীশ্রীচামগুৰি সত্ৰত ডেৰশ বছৰীয়া ৰাসোৎসৱৰ আয়োজন; ব্যস্ততা বাঢ়িছে শিল্পী ড০ হেমচন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: সত্ৰীয়া সংস্কৃতিৰ প্ৰানকেন্দ্ৰ মাজুলীত এতিয়া চলিছে শাৰদীয় উৎসৱৰ ব্যস্ততা । অহা ৭ নবেম্বৰৰ পৰা মাজুলীৰ সত্ৰ আৰু অৰ্ধশতাধিক ৰংগমঞ্চত দুইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ৰাসলীলা মহোৎসৱ । জিলাখনৰ পূব মাজুলীৰ অন্তৰ্গত মূখাশিল্পৰ বাবে আন্তৰ্জাতিক খ্যাতি সম্পন্ন সত্ৰ চামগুৰিত ডেৰশ বছৰীয়া ৰাসোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে । সেই উপলক্ষে সত্ৰখনৰ নামঘৰত অলপতে অনুষ্ঠিত ৰাজহুৱা সভাত দুদিনীয়া কাৰ্যসূচীৰে ৰাসোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । ৰাসোৎসৱ নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীক মূখ্য উপদেষ্টা, ডেকা সত্ৰাধিকাৰ তিলক চন্দ্ৰ গোস্বামীক উপদেষ্টা, প্ৰফুল্ল বৰাক সভাপতি, বলীন বৰাক উপসভাপতি আৰু বিপুল বৰদলৈক সম্পাদক হিচাপে লৈ ৩০ জনীয়া সদস্যৰে এখন উদযাপন সমিতি গঠন কৰা হৈছে । উদযাপন সমিতিয়ে ৰাসোৎসৱৰ দুয়োদিনৰ কাৰ্যসূচীত অসমবাসীৰ সহায়-সহযোগিতা কামনা কৰিছে আৰু লগতে সত্ৰখনৰ ৰাসোৎসৱৰ দুয়োদিনত সত্ৰখনৰ চৌদিশে বহা বজাৰত ব্যৱসায় কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী সকলক উদযাপন সমিতিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ইফালে সত্ৰখনৰ বিশিষ্ট মূখাশিল্পী, মূখাশিল্পত সংগীত নাটক অকাডেমী বটা বিজয়ী ড০ হেমচন্দ্ৰ গোস্বামীৰ ৰাসোৎসৱৰ বাবে ব্যস্ততা বাহিছে । শিল্পীগৰাকীৰ পৰা জানিব পৰামতে, আগন্তুক ৰাসোৎসৱৰ বাবে তেওঁ মাজুলীৰ কুৰিখনৰো অধিক সত্ৰ আৰু ৰংগমঞ্চৰ মূখা নিৰ্মানৰ দায়িত্ব গ্ৰহন কৰিছে । ইয়োৰোপৰি শিল্পীগৰাকীয়ে শংকৰদেব কলাক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আয়োজন ৰাসলীলাৰ মূখা নিৰ্মানৰ দায়িত্ব লৈছে আৰু শিল্পীগৰাকীয়ে উন্নত কাৰু কাৰ্যৰে মূখাসমুহৰ নিৰ্মান অব্যাহত ৰাখিছে ।

( প্ৰাঞ্জল খাউণ্ড )

You might also like