নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেণীকোঠাত শিক্ষয়িত্রীক ধর্ষণ–নৃশংস হত্যা

নিয়মীয়া বাৰ্তা, ৮ জুলাই: কলাইগাঁৱত যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী শিক্ষয়িত্রী আজি এখন ব্যক্তিগত বিদ্যালয়ৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ১নং কলাইগাঁৱৰ উপেন চন্দ্র বৰুৱাৰ পত্নী নয়নতৰা চহৰীয়াই আন দিনাৰ দৰে কালি পুৱাও প্রায় ৪ বজাত প্রাতঃভ্রমণলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল৷ কিন্তু প্রাতঃভ্রমণলৈ ওলাই দীর্ঘসময় ধৰি ঘৰলৈ উভতি নোযোৱাত স্বামী উপেন চন্দ্র বৰুৱাৰ সন্দেহ উপজিবলৈ ধৰে৷

আনহাতে দৈনন্দিন প্রাতঃভ্রমণলৈ যোৱা পুৰুষ–মহিলাক পত্নী নয়নতৰাক কোনোবা ফালে গৈছে বা দেখিছে নেকি সোধে যদিও কোনোৱে দেখা পোৱাৰ বিষয়ে ক’ব নোৱাৰিলে৷ তেনে পৰিপ্রেক্ষিতত স্বাভাৱিকতে স্বামীৰ মনত সন্দেহ আৰু গাঢ় হয়৷ দীর্ঘসময় অপেক্ষা কৰি নাথাকি কলাইগাঁও আৰক্ষী থানাত পত্নী প্রাতঃভ্রমণলৈ গৈ নিৰুদ্দেশ হৈ থকা বুলি এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও আজি দুপৰীয়ালৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ পৰিয়ালৰ লোকেও দূৰ সম্পর্কীয় আত্মীয়ৰ ঘৰলৈ যাব পাৰে বুলি যোগাযোগ কৰে যদিও কোনো সম্ভেদ নাপালে৷ ইপিনে আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে আজি দুপৰীয়া প্রায় ২.৩০ বজাত স্থানীয় লোকে কলাইগাঁও থানাৰ পৰা প্রায় ডেৰ কিলোমিটাৰ দূৰৈত কলাইগাঁও মডেল হাস্পতালৰ বিপৰীতে থকা ইউ এন একাডেমী নামৰ বডো মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ৰ এটা কোঠাত মৃত অৱস্থাত প্রত্যক্ষ কৰে৷

লগে লগে পৰিয়ালৰ লোকৰ লগতে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়েও লগে লগে উদ্ধাৰ হোৱা স্থানলৈ আহি অতি নির্মমভাৱে হত্যা কৰা মহিলাগৰাকীৰ মৃতদেহ প্রত্যক্ষ কৰে৷ য’ত মহিলাগৰাকীয়ে পিন্ধি থকা সাজ–পাৰ অসংযত অৱস্থাত থকাৰ লগতে মুখমণ্ডল এচিড ঢ়ালি সম্পূর্ণৰূপে বিকৃত কৰি পেলোৱা হৈছিল৷ ইপিনে আৰক্ষীয়ে মহিলাগৰাকীৰ মুখমণ্ডলত এচিড ঢ়লালৈ চাই ধর্ষণ কৰি হত্যা কৰা বুলি ধাৰণা কৰিছে৷বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীয়ে স্নিফাৰ ড’গ আনি অপৰাধীৰ অনুসন্ধান প্রক্রিয়া আৰম্ভ কৰিছে৷ উল্লেখ্য যে দুটাকৈ পুত্র সন্তানৰ মাতৃ দুর্ভগীয়া মহিলাগৰাকীয়ে স্বামীৰ সৈতে কলাইগাঁৱৰ পৰা প্রায় আঠ কিলোমিটাৰ উত্তৰে বালিপাৰা কৃষক মুক্তি উচ্চ মাধ্যমিক বিদ্যালয় নামৰ এখন বিদ্যালয়ত একেলগে শিক্ষকতা কৰিছিল৷ উল্লেখ্য যে কেইবছৰমান পূর্বে নগাঁৱত অর্ণমাই বৰা নামৰ এগৰাকী শিক্ষয়িত্রীক ধর্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডই সমগ্র ৰাজ্য জোকাৰি গৈছিল৷

কলাইগাঁৱৰ এই অমানৱীয় জঘন্য হত্যাকাণ্ডয়ো এতিয়া ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ আৰক্ষীয়ে এইপর্যন্ত হত্যাকাণ্ডৰ তদন্ত চলাই আছে যদিও সফল হ’ব পৰা নাই৷ উল্লেখ্য যে ঘটনাৰ দিনা কাহিলিপুৱাতে মৃত মহিলাগৰাকীক এটা পুখুৰীৰ পাৰত দেখা পাইছিল বুলি প্রকাশ পোৱাত আজি এছ ডি আৰ এফে উক্ত স্থানত অভিযান চলাইছিল৷ কিন্তু এই জঘন্য হত্যাকাণ্ড কাহিলিপুৱাতে সংঘটিত হোৱাত বিশেষ ক্লু উলিয়াবলৈ সক্ষম হোৱা নাই অনুসন্ধানকাৰী দল৷ এই পাশৱিক হত্যাকাণ্ডৰ ক্ষিপ্র তদন্ত আৰু অপৰাধীক কঠোৰ শাস্তিৰ দাবী জনাইছে আছু, যুৱ–ছাত্র পৰিষদ আৰু প্রাথমিক শিক্ষক সন্মিলনীকে ধৰি বিভিন্ন দল–সংগঠনে৷

You might also like