নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্বৰ ভিতৰতে সৰ্ব্বশ্ৰেষ্ঠ মহাপুৰুষ ৷ তেওঁৰ অবদান সমূহে ইতিমধ্যে বিশ্বজনীনতা লাভ কৰিছে ৷এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈৰ ৷ আজি সংঘৰ নগাঁৱস্থ মূল কাৰ্যালয়ত অনুষ্ঠিত সংঘৰ থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত সংঘৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত এই মন্তব্য কৰি পদাধিকাৰ গগৈয়ে কয়- গুৰুজনাৰ বিশ্বজনীনতা লাভ কৰাৰ মূলতেই হ’ল তেওঁৰ সৃষ্টিৰাজি ৷ গগৈয়ে লগতে উল্লেখ কৰে যে শ্ৰীমন্তশঙ্কৰদেৱ এজন অসমীয়া হৈয়ো এজন প্ৰকৃত ভাৰতীয় আছিল ৷ গুৰুজনাই তেওঁৰ জীৱনকালত ৩৯ বাৰ সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল ৷ ভাৰত ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতা সমূহ গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰি এক মহৎ কাৰ্য সম্পাদনা কৰি থৈ গৈছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ এগৰাকী দুৰদৃষ্টি সম্পন্ন ব্যক্তি আছিল ৷ পদাধিকাৰ গগৈয়ে শ্ৰীমন্তশঙ্কৰদেৱ সংঘ অসমৰ বৃহৎ জাতীয় অনুষ্ঠান ৷ গুৰুজনাৰ সৃষ্টিৰাজি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰি অহাৰ লগতে সংঘই অসমৰ জাতীয় অৰ্থনীতি শক্তিশালি কৰাৰ বাবে কাম কৰি আহিছে ৷ ইয়াৰ অংশ হিছাপে সংঘই থ্ৰিফট্ এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড নামৰ এটা সমবায় ভিক্তিত বেংক প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ এক স্বৰ্ণিল যাত্ৰা অব্যাহত ৰাখিছে ৷ এই সমবায় বেংকৰ জৰিয়তে অসমৰ বহুলোক উপকৃত হৈছে ৷

ইয়াৰ পিছতে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত চ’চাইটিৰ মুকলি সভা উদ্বোধন কৰি সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই চ’চাইটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে ৷ সভাতেই তিনি গৰাকী মেধা সম্পন্ন ছাত্ৰছাত্ৰী ক্ৰমে অভিজিৎ কলিতা,কৃষ্ণাপ্ৰিয়া ডেকা,ধৰিত্ৰী বৰাক সম্বৰ্দ্ধনা জনোবা হয় ৷ সভাত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ,মূখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা,যুটীয়া সম্পাদক ডাঃদুৰ্ল্লভ পাঠক আদিয়ে অংশগ্ৰহণ কৰি চ’চাইটি খনক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাই ৷ চ’চাইটিৰ পৰিচালন সঞ্চালক মমতা বৰকাকতীয়ে আতঁধৰা অনুষ্ঠানত সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা,চ’চাইটিৰ বিষয়ববীয়া ক্ৰমে সদানন্দ বৈশ্য,প্ৰদীপ কুমাৰ বৰা,বসন্ত কুমাৰ শৰনীয়া বীৰেন খনিকৰ,মঞ্জুলা লস্কৰ,মঞ্জু ঘৰফলীয়া বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

You might also like