শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন
কৃষ্ণ নামৰ ধৰ্ব্বনিৰে মুখৰীত হৈ পৰিল শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ প্ৰাংগণ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ব্ববৃহৎ ধৰ্মীয়-সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন খনি দিনযোৰা কাৰ্যসূচীৰে আজি নগাঁও জিলা শাখাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় ৷ সেই উপলক্ষে আজি পুৱা ৬ বজাত প্ৰাতঃপ্ৰসংগ,পুৱা ৭:৩০ বজাত পৰিবেশ নিকাকৰন,৮:৩০ বজাত ধৰ্ম্মধ্বজা উত্তোলন কৰে জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই ৷ দিনৰ ১১ বজাৰ পৰা জ্যোতিপ্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰতিনিধি সভাখনি উদ্বোধন কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ শৰণ সদস্য উমাকান্ত হাজৰিকাই ৷ প্ৰতিনিধি সভাত উপস্থিত থাকি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই গুৰুজনাৰ বিশ্বজনীন সত্ত্বাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ এই প্ৰতিনিধি সভাতে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক তোষেশ্বৰ বৰাই সাধাৰণ সম্পাদকৰ প্ৰতিবেদন আগবঢ়াই কেইবাটাও প্ৰস্তাৱ পাঠ কৰে ৷ সম্পাদকীয় প্ৰতিবেদন পাঠতে ২০২১ বৰ্ষৰ নগাঁও জিলা শাখাৰ আয়-ব্যয়ৰ হিচাপ সমূহ উপস্থিত ১৯ টা শাখাৰ প্ৰতিনিধি বৰ্গক সভাক অৱগত কৰোবা হয় ৷ লগতে উপস্থিত ১৯ শাখাৰ প্ৰতিনিধি বৰ্গৰ বহুকেইটা দিহা পৰামৰ্শৰ ওপৰতো আলোচনা কৰা হয় ৷ সভাত মূলৰ সদস্য (হোজাই জিলা শাখা) বকুল বৰা পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে ৷ সভাৰ আঁতধৰে জিলা সম্পাদক তোষেশ্বৰ বৰাই ৷ দুপৰীয়া প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণৰ অন্তত বিয়লি ৫ বজাত পতাকা অৱনমনৰ পাছত সন্ধিয়া নামঘৰীয়া ভূপেন চন্দ্ৰ নাথৰ হাতেৰে বন্তি প্ৰজ্বলনৰে জিলা শাখা বাৰ্ষিক অনুষ্ঠানৰ সামৰনি পৰে ৷
প্ৰেৰকঃ কনক হাজৰিকা নগাঁও