শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাগাজাংকা বাঁহনি আঞ্চলিক শাখাৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ
নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু জনাৰ আদৰ্শত প্ৰতিষ্ঠিত বৃহত্তম সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ধৰ্মীয় তথা আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাগাজাংকা বাঁহনি আঞ্চলিক শাখাৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে লাহিং অৰুণোদয় প্ৰাথমিক শাখাৰ মাধৱদেৱ বঁটা প্ৰাপক ৰত্নেশ্বৰ নেওগ সোঁৱৰণী মুকলি মঞ্চত অনুষ্ঠিত হৈছে । আজি পুৱাৰ ভাগত গছ পুলি ৰোপন, তোৰণ উন্মোচনকে আদি বিভিন্ন কাৰ্যসূচীৰ লগতে পুৱা ১১ বজাৰ পৰা দীপা গগৈয়ে পৰিচালনা কৰা শিশু আই মাতৃ কল্যাণ সমিতিৰ অধিৱেশন অনুষ্ঠিত হয় । মৈত্ৰী প্ৰাথমিক শাখাৰ ইলো শইকীয়াই উদ্বোধন কৰা এই অধিৱেশনত নিৰ্দ্দিষ্ট বক্তা হিচাপে জ্যোতি চুতীয়াই বক্তব্য ৰখাৰ লগতে যুৱ বক্তা মৌচুমী গগৈ আৰু শিশু বক্তা চয়নিকা গগৈয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে । বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত সাহিত্য শাখাৰ অধিৱেশনখন পৌৰোহিত্য কৰে অখিল গগৈয়ে । শিশু শিল্পী সকলে বৰগীত পৰিৱেশন কৰাৰ পাছতে তিতাবৰ জিলা সাহিত্য শাখাৰ সভাপতি হৰেণ শইকীয়াই উদ্বোধন কৰা এই সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক নগেন গগৈয়ে । স্মৃতিগ্ৰন্থ উন্মোচন কৰি কৃতী শিক্ষক নগেন গগৈয়ে ভাষণ প্ৰসঙ্গত যিমান দিনলৈ মানৱ সমাজ কিতাপৰ শাসনত থাকিব সিমান দিনলৈ সমাজ খন সুস্থিৰ হৈ থাকিব বুলি বক্তব্য ৰাখে । সভাত নাগাজাংকা বাহনি আঞ্চলিকৰ সভাপতি ভদ্ৰ বৰাও উপস্থিত থাকে । ইফালে বিয়লিৰ পৰা সাংস্কৃতিক অধিৱেশন, সেৱা বাহিনীৰ সাধাৰন পৰিষদ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰনি মৰা হয় । কাইলৈ দ্বিতীয় তথা অন্তিম দিনা বহু কেইটা কাৰ্য্যসূচী অনুষ্ঠিত হ’ব ।
দিব্যজ্যোতি শইকীয়া