সমষ্টিৰ ৫২০০ টা পৰিয়ালক সাহায্য বিতৰণ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ লকডাউনত সৰভোগ সমষ্টিৰ দৰিদ্ৰ লোকৰ অভাৱ দূৰ কৰাৰ বাবে ওলাই আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস । স্থানীয় বিধায়কগৰাকীয়ে মঙলবাৰে সমষ্টিৰ ভুলুকাডো গাঁৱৰ ৫৬ টা পৰিয়ালৰ মাজত চাউল, দাইল, নিমখ, চাবোন আদি সামগ্ৰী বিতৰণ কৰে ।
দাসে সাংবাদিকৰ আগত কয় যে সৰভোগ সমষ্টিৰ চৰকাৰৰ পৰা ১০০০ টকা নোপোৱা আৰু বিপিএল কাৰ্ড নথকা সৰ্বমুঠ ৫,২০০ টা পৰিয়ালক সাহায্য বিতৰণ কৰিব ।